Site icon Guwahati Times

নিজৰ লাখটকীয়া অট্টালিকা এৰি পলাল ‘কাচা বাদাম’ গীতেৰে সামাজিক মাধ্যমত জনপ্ৰিয় হোৱা ভূবন বাদ্যকৰ, কিন্তু কিয়?

পশ্চিম বংগৰ বীৰভূমৰ দুবৰাজপুৰ ব্লকৰ অন্তৰ্গত লক্ষীনাৰায়ণপুৰ গাঁও পঞ্চায়তৰ কুৰালজুৰি গাঁৱৰ ভূবন বাদ্যকৰ। সামাজিক মাধ্যমত ভাইৰেল হোৱা ‘কাচা বাদাম’ গীতটোৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল ভূবন বাদ্যকৰ।

ভূবন বাদ্যকাৰৰ ‘কাচা বাদাম’ গীতটো ভাইৰেল হোৱাৰ পিছত তেওঁক সকলোতে মাতিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন ঠাইৰ পৰা তেওঁ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে। আনকি তেওঁক বিভিন্ন ঠাইৰ পৰা ধনকে ধৰি বিভিন্ন পুৰস্কাৰ দিয়া হৈছিল আৰু সেই সকলো টকাৰে ভূবন বাদ্যকাৰে নিজৰ সপোন পূৰণ কৰিবলৈ ধৰিলে। জীৱনৰ বেছিভাগ সময় এটা জৰাজীৰ্ণ ঘৰত কটোৱা ভূবন বাদ্যকাৰে এটা ভাল ঘৰ নিৰ্মাণৰ সপোন দেখিছিল আৰু তেওঁ সেই সপোন পূৰণ কৰা দেখা যায়।
ভূবন বাদ্যকৰে গীত পৰিৱেশন কৰি উপাৰ্জন কৰা ধনেৰে এটা প্ৰাসাদসম ঘৰ সাজিছিল। ঘৰৰ আকাৰ মাত্ৰ দুগজমান, কিন্তু ঘৰৰ ভিতৰত যি ধৰণেৰে সজাই তোলা হৈছে, যিকোনো অট্টালিকাক চেৰ পেলাব পাৰে। ভূবন বাদ্যকৰে সহ্য কৰিব নোৱাৰিলে নিজৰ সপোন অনুযায়ী নিৰ্মিত এই ধুনীয়া ঘৰটো আৰু সেই ঘৰৰ পৰা পলাই গ’ল তেওঁ।

কিন্তু সপোনৰ ঘৰখনৰ পৰা কিয় পলাই গ’ল ভূবন বাদ্যকৰ?

কুৰালজুৰি গাঁৱৰ ঘৰ এৰি ভূবন বাদ্যকৰ প্ৰায় পাঁচ মাহ পূৰ্বে দুবৰাজপুৰলৈ আহিছিল। বৰ্তমান তেওঁ দুবৰাজপুৰত মাহে ২৭০০ টকাকৈ ঘৰ ভাড়া লৈ বসবাস কৰি আছে। নিজৰ ঘৰৰ মালিক হোৱাৰ পিছতো ভাড়াঘৰত থাকিব লগা হৈছে। অৱশ্যে ইমান টকা ঘৰৰ ভাড়া দি তেওঁ কিমান দিন থাকিব পাৰিব সেয়া নিশ্চিত নহয়। কাৰণ তেওঁৰ সকলো উপাৰ্জন এতিয়া শেষ হৈ গৈছে।

ভূবন বাদ্যকাৰৰ পৰিয়াল আৰু স্থানীয় সূত্ৰৰ তথ্য অনুসৰি কুৰালজুৰি গাঁৱৰ অট্টালিকা এৰি যোৱাৰ কাৰণ আছিল ব্লেকমেইল। তেওঁ জনপ্ৰিয় হোৱাৰ পিছত স্থানীয় ৰাইজে বিভিন্ন কথাৰে তেওঁক মানসিক আক্ৰমণ চলাইছিল। কথাই কথাই তেওঁক ৫০০, ১০০০ টকা বিচাৰিছিল আৰু সেই টকা নিদিলে তেওঁক ভাবুকি দিয়া হৈছিল। এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি ভূবন বাদ্যকৰে আক্ষেপেৰে কয়, “বাদাম গীতে মোক চিনাকি কৰাই দিলে, আৰু এই গীতৰ বাবেই এতিয়া মই ঘৰৰ পৰা ওলাই আহিছো।”

Exit mobile version