Site icon Guwahati Times

প্ৰেমিকাই প্ৰতাৰণা কৰাৰ পিছত ২৫ হাজাৰ টকাৰ “হাৰ্টব্ৰেক বীমা” লাভ কৰিলে এজন লোকে

ব্ৰেকআপ অবিশ্বাস্যভাৱে কষ্টদায়ক। কিন্তু এইখন পৃথিৱীতে এজন লোকে আৱেগৰ কষ্ট বা বিষ কমোৱাত সহায়ক হোৱাকৈ এক অনন্য অৰ্থনৈতিক সমাধান উলিয়াইছে। ভাৰতৰ যুৱক প্ৰতীক আৰিয়ানে “হাৰ্টব্ৰেক বীমা” বুলি কোৱা এটা ফাণ্ড সৃষ্টি কৰিছে, যিটো ফাণ্ডে প্ৰতাৰণা কৰা সংগী আৰু প্ৰেমৰ লগত জড়িত অন্যান্য সমস্যাৰ বাবে হোৱা হাৰ্টব্ৰেকক সামৰি লয়।

আৰিয়ানে টুইটাৰত তেওঁৰ কাহিনী শ্বেয়াৰ কৰিছিল, য’ত ই অতি কম সময়তে ভাইৰেল হৈ পৰিছে। চাৰি বছৰ দুমাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল প্ৰতীক। যেতিয়া প্ৰেয়সীয়ে তেওঁক প্ৰতাৰণা কৰিছিল, তেওঁ হতাশ হোৱা নাছিল। কিয়নো তেওঁ আৰু তেওঁৰ প্ৰেয়সীয়ে প্ৰতিমাহে ৫০০ টকা যৌথ একাউণ্টত জমা দি “হাৰ্টব্ৰেক বীমা পুঁজি” (Heartbreak Insurance Fund (HIF) গঠন কৰিছিল। ইয়াৰ নীতিটো আছিল যে যিজনে ঠগ খাব তেওঁ একাউণ্টত থকা সকলো টকা লাভ কৰিব।

যেতিয়া আৰিয়ানৰ প্ৰেয়সীয়ে তেওঁক প্ৰতাৰণা কৰিছিল, তেতিয়া তেওঁ এই বীমাৰ পৰা ২৫ হাজাৰ টকা লাভ কৰিছিল। আৰিয়ানে টুইটাৰত নিজৰ কাহিনী শ্বেয়াৰ কৰি লিখিছে, “মোৰ প্ৰেয়সীয়ে মোক প্ৰতাৰণা কৰাৰ বাবেই মই ২৫০০০ টকা পাইছিলোঁ। সেয়া হ’ল হাৰ্টব্ৰেক বীমা পুঁজি (এইচ আই এফ)।”

ছচিয়েল মিডিয়াত পোষ্টটো দ্ৰুতগতিত ভাইৰেল হৈ পৰে, ৮ লাখৰো অধিক ভিউ আৰু বহু লোকে ইয়াত মন্তব্য কৰিছে। বহু ব্যৱহাৰকাৰীয়ে শোক প্ৰকাশ কৰাৰ বিপৰীতে আন কিছুমানে পৰিস্থিতিত হাস্যৰস বিচাৰি পাইছে।

Exit mobile version