Site icon Guwahati Times

এই সমান্য বস্তু কেইপদৰ অৰ্পণ কৰিলে প্ৰভু শ্ৰী কৃষ্ণ হয় অত্যন্ত সন্তুষ্ট

প্ৰভূ শ্ৰী কৃষ্ণৰ জন্মোৎসৱ বহু ধুমধামেৰে জন্মাষ্টমী হিচাপে এই প্ৰৱিত্ৰ ভাদ মাহত পৰম্পৰাগত ভাৱে পালন কৰা হয়।

গতিকে ভাদ মাহটি প্ৰভূ শ্ৰী কৃষ্ণৰ উপাসনা তথা নাম প্ৰসংগৰ বাবে এটি উত্তম মাহ। কিয়নো এই ভাদ মাহতে প্ৰভূ শ্ৰী কৃষ্ণৰ জন্ম হৈছিল।

জন্মাষ্টমী দিনা কি কৰ্ম কৰিলে সকলো ফালৰ পৰা সফলতা পোৱা যায় সেয়া জানো আহক,

প্ৰথমতে, ৰূপৰ বাঁহী। জন্মাষ্টমী দিনা সৰু শ্ৰী কৃষ্ণক ৰূপৰ বাঁহী অৰ্পণ কৰিব আৰু পূজা সম্পন্ন হোৱা পাচত বাঁহীটো টকা পইচা থোৱা স্হানত বা মনিবেগত ৰাখিব।

দ্বিতীয়তে, জন্মাষ্টমী দিনা মাখন আৰু মিচিৰিৰ ভোগ লগাব। তথা এবছৰীয়া সৰু শিশুক চেলেকাই দিব। এইদিনা সুন্দৰকৈ সাঁজত প্ৰভূ শ্ৰী কৃষ্ণক জোলনাত আসন দিব।

তৃতীয়তে, প্ৰভূ শ্ৰী কৃষ্ণৰ পূজনত তুলসী আৱশ্য প্ৰয়োগ কৰিব। জন্মাষ্টমী দিনা প্ৰভূ শ্ৰী কৃষ্ণক শংখত গাখীৰ ভৰাই অভিষেক কৰিব। এইদিনা ঘৰলৈ গৰুৰ সৰু পোৱালিৰ প্ৰতিমা আনিলে, ধন আৰু সন্তান সম্বন্ধীয় চিন্তা দূৰ হয়। (

চতুর্থতে, ময়ূৰ পাখী, প্ৰভূ শ্ৰী কৃষ্ণৰ অত্যন্ত প্ৰিয়। গতিকে জন্মাষ্টমী দিনা, এই বস্তু ভাগ প্ৰভূ শ্ৰী কৃষ্ণক অৰ্পণ কৰিব।

পঞ্চমতে, পাৰিজাত ফুল, প্ৰভূ শ্ৰী কৃষ্ণৰ অত্যন্ত প্ৰিয় ফুল। আপুনি শ্ৰী কৃষ্ণৰ পূজন কৰোঁতে, পাৰিজাত ফুলৰ ব্যৱহাৰ অৱশ্যে কৰিব। ইয়াৰ দ্বাৰা আপুনি প্ৰভূ শ্ৰী কৃষ্ণৰ অশেষ কৃপা প্ৰাপ্ত কৰিব।

Exit mobile version