Site icon Guwahati Times

ভোলানাথৰ কৃপা লাভ কৰিবলৈ-সোমবাৰৰ দিনা এইসমূহ নিয়ম কৰিব লাগে!

সোমবাৰৰ দিনা কৰা উপায়সমূহৰ দ্ধাৰা ভোলানাথ শীঘ্ৰে প্ৰসন্ন হয়।মহাদেৱৰ কৃপাৰ দ্ধাৰা ঘৰলৈ-সুখ-শান্তি আৰু সমৃদ্ধি আহে।

হিন্দু ধৰ্মত প্ৰতিদিনে-কোনো নহয়- কোনো দেৱী দেৱতাৰ পূজা কৰা হয়।সোমবাৰৰ দিন ভগৱান শংকৰৰ দিন।এইদিনা ভক্তসকলে শিৱ মন্দিৰলৈ গৈ-গাখীৰ,বেলপাত,ধতুৰা আৰু ভাংগৰ দ্ধাৰা শিৱলিংগৰ অভিষেক কৰে।কিছুলোকে মহাদেৱৰ কৃপা পাবলৈ এইদিনা ব্ৰত কৰে।মান্যতা অনুসাৰে-সোমবাৰৰ দিনা কৰা উপায় দ্ধাৰা ভোলানাথ শীঘ্ৰে প্ৰসন্ন হয়।মহাদেৱৰ কৃপাৰ দ্ধাৰা ঘৰলৈ-সুখ-শান্তি আৰু সমৃদ্ধি আহে।সোমবাৰৰ দিনা কৰা উপায়ৰ দ্ধাৰা বহুত সফল হয় আৰু প্ৰসন্ন হৈ মহাদেৱে নিজৰ ভক্তৰ সকলো মনৰকামনা পূৰ্ণ কৰে।

সোমবাৰৰ দিনা শুদ্ধ মনেৰে ভগৱান শিৱৰ সচাঁ আৰাধনা কৰিব লাগে।সোমবাৰৰ দিনা-শিৱলিংগত চন্দন,চাউল,গাখীৰ,ধতুৰা, বেলপাত,গংগাজল আৰু আকন গছৰ ফুল অৰ্পণ কৰিব লাগে।

সোমবাৰৰ দিনা ভগৱান শংকৰক ঘীউ,চেনি আৰু ঘেঁহুৰ আটাৰে তৈয়াৰী সামগ্ৰীৰে ভোগ দিব লাগে।সোমবাৰৰ দিনা শিৱ চালীশা পঢ়াৰ পাছত মহাদেৱৰ আৰতী কৰিব লাগে।ইয়াৰ দ্ধাৰা ঘৰত সুখ-শান্তি থাকে।( Religious Studies )

মনোকামনা পূৰ্ণৰ বাবে সন্ধিয়াৰ আৰাধনা শুভ মনা হয়।সন্ধিয়া সময়ত কৰা শিৱ পূজাৰ দ্ধাৰা ভোলানাথ শীঘ্ৰে প্ৰসন্ন হয় আৰু ভক্তৰ সকলো কষ্ট দূৰ কৰে।

সোমবাৰৰ দিনা দান কৰাৰো বহুত মহত্ব আছে।মান্যতা অনুসাৰে সোমবাৰৰ দিনা আবেলি ক’লা তিল আৰু চাউল মিহলাই দান কৰিলে ধন-টকাৰ ৰগত জড়িত সমস্যা দূৰ হয়।ইয়াৰ দ্ধাৰা পিতৃ দোষৰ প্ৰভাৱো কম হয়।

সোমবাৰৰ দিনা-দৈ,বগা কাপোৰ,চেনী আৰু গাখীৰ দান কৰিলে-ভক্তসকলক মহাদেৱে মনে বিচৰা বৰদান দিয়ে।সোমবাৰৰ দিনা শিৱ ৰক্ষা সুত্ৰৰ পাঠ কৰিলে সকলো আৰ্থিক সমস্যা দূৰ হয়।

চন্দ্ৰদোষৰ প্ৰভাৱ শেষ কৰিবলৈও সোমবাৰৰ দিনটো বহুত শুভ হয়।ইয়াৰ বাবে সোমবাৰৰ দিনা চন্দনৰ ফোট লগাব লাগে আৰু বগা বস্ত্ৰ পৰিধান কৰিব লাগে। (সংগ্ৰহিত)।

Exit mobile version