Site icon Guwahati Times

ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে খান্দি থোৱা খাৱৈত পৰিল স্কুটী, শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

শিৱসাগৰ ভটীয়াপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে খান্দি থোৱা খাৱৈত পৰিল স্কুটী।

AS 04 P 5416 নম্বৰৰ স্কুটীখনেৰে আহি থকা অৱস্থাত চালক শ্যাম কলিতা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনা মৰণফান্দৰূপী পথৰ বাবেই হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। ফ’ৰলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাই খান্দি থোৱা অংশত দিয়া নাছিল কোনো সাংকেতিক চিহ্ন অথবা নিৰ্দেশনা ব’ৰ্ড।

Exit mobile version