Site icon Guwahati Times

অসমৰ বাবে গৌৰৱৰ মুহূৰ্তঃ ‘মিছ কুইন অৱ দ্য ৱৰ্ল্ড’ খিতাপ দখল কৃষাংগী গৌৰীৰ

আমেৰিকাৰ নিউ জাৰ্চিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত “মিছ কুইন অৱ দ্য ৱৰ্ল্ড”ৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অসমৰ কৃষাংগী গৌৰীয়ে ইতিহাস ৰচনা কৰিছে। ২০২৩ চনৰ ১৩ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈকে অনুষ্ঠিত হোৱা এই গ্ৰেণ্ড ফিনালেত বিশ্বৰ ৩০ জনতকৈ অধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনৰ চাৰিটা ভিন্ন বিভাগত অংশগ্ৰহণ কৰে।

‘মিছ কুইন অৱ দ্য ৱৰ্ল্ড’ প্ৰতিযোগিতাত ছমাহ ধৰি কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল, য’ত নেতৃত্বৰ দক্ষতা, ৰাজহুৱা ভাষণ, খোজ কঢ়া, আৰু স্থিৰতাৰ দৰে মূল বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

কৃষাংগীয়ে বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰি নিজৰ সৌন্দৰ্য্য, বুদ্ধিমত্তা আৰু আড়ম্বৰেৰে বিচাৰক আৰু দৰ্শকক মোহিত কৰিছিল।

কৃষাংগীয়ে বিজ্ঞান আৰু ব্যৱসায় বিশ্লেষণত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি বৰ্তমান কৰ্পৰেট খণ্ডত কাম কৰি আছে। খিতাপ জয় কৰি কৃষাংগীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, “এয়া যেন এক সপোন পূৰণ হৈছে।

মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে মোক ‘মিছ কুইন অৱ দ্য ৱৰ্ল্ড’ খিতাপ পিন্ধোৱা হৈছে। মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো।” খিতাপ লৈ অত্যন্ত সুখী কৃশাংগীয়ে নিজৰ এহ ফলাফলৰ বাবে নিজ অভিভাৱক মাতৃ, পিতৃ, প্রশিক্ষক আৰু প্রতিটো ক্ষেত্রত উৎসাহ প্রদান কৰি অহা শুভকাংক্ষীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷

 

 

Exit mobile version