Site icon Guwahati Times

Watch: ‘হামাৰী ভাভি কৈছি হো, চাৰা ভাভি জেইছী হো’-শুবমন গিলক দেখি অনুৰাগীয়ে দিলে শ্লোগান

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল ইন্দোৰত অনুষ্ঠিত হয়। এই মেচখনত যেতিয়া শুবমান গিলে নিউজিলেণ্ডৰ ইনিংছৰ সময়ত ফিল্ডিং কৰি আছিল, তেতিয়া দৰ্শকৰ মাজত বহি থকা অনুৰাগীসকলে হঠাতে ‘হামাৰী ভাভি কৈছি হো, চাৰা ভাভি জেইছী হো’ ধ্বনি দিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে এক ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ এক ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে।

 

ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনৰ সময়ত অনুৰাগীয়ে শুবমান গিলৰ সন্মুখত ছাৰা-ছাৰাৰ শ্ল’গান দিছিল। কিন্তু তেতিয়া গিলে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। এইবাৰো যেতিয়া অনুৰাগীয়ে গিলক দেখি ‘হামাৰী ভাভি কৈছি হো, চাৰা ভাভি জেইছী হো’ ধ্বনি দিবলৈ আৰম্ভ কৰিলে, তেতিয়াও গিল কোনো প্ৰতিক্ৰিয়া নিদিলে, কিন্তু ফিল্ডত থিয় হৈ থকা কোহলীয়ে এই ধ্বনীত এক ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে।

অৱশ্যে এতিয়া দৰ্শকৰ মাজতো এটা ডাঙৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে যে এইজনী ছাৰা আচলতে কোন? কিছুমান অনুৰাগীয়ে শুবমান গিলক প্ৰাক্তন কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰৰ কন্যা চাৰা টেণ্ডুলকাৰৰ সৈতে গোজৱ ওলোৱাৰ বিপৰীতে একাংশ অনুৰাগীয়ে তেওঁক বলীউডৰ অভিনেত্ৰী চাৰা আলী খানৰ সৈতে সংযোগ কৰিছে।

Exit mobile version