Site icon Guwahati Times

মহাশিৱ পুৰাণৰ মতে ভক্তি মাৰ্গ

ত্ৰিলোকত ভক্তিৰ পথতকৈ অধিক আনন্দদায়ক একো নাই আৰু চাৰিওটা যুগত, যি ঈশ্বৰৰ ভক্তিৰ এই পৱিত্ৰ সাগৰত ডুব দিয়ে, সি নিশ্চিতভাৱে মোক্ষ্য প্ৰাপ্ত কৰিব পাৰে আৰু ভৱ সগৰৰ পৰা সকাহ পাব পাৰে ।

কলি যুগত এয়ে অধিক আনন্দদায়ক, কাৰণটো হৈছে মানুহৰ জ্ঞান আৰু অনীহা দুয়োৰে অভাৱ।

ভক্তি হৈছে একমাত্ৰ পথ যাৰ জৰিয়তে আমি ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰিব পাৰো আৰু যি ব্যক্তিয়ে বেয়া উদ্দেশ্যৰে ঈশ্বৰৰ ভক্তসকলৰ মাজত বাধা হৈ পৰে তেওঁ সদায় ঈশ্বৰৰ দ্বাৰা দণ্ডনীয়

শাস্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত আৰু নিস্বাৰ্থভাৱে ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰা ভক্তি, যাক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়, আৰু যি স্বাৰ্থৰে পৰিপূৰ্ণ, তাক সদায় নিম্নকোটি ভক্তি বুলি কোৱা হয়।

এই দুয়ো ধৰণৰ ভক্তি দুই প্ৰকাৰৰ — নৈষ্ঠি আৰু অনৈষ্ঠি । ইয়াৰ নৈষ্ঠি ছয় প্ৰকাৰৰ আৰু অনৈষ্ঠি এক প্ৰকাৰৰ।

ভক্তি প্ৰধানকৈ দুই প্ৰকাৰৰ– সগুণ আৰু নিৰ্গুণ ।

এই নিৰ্গুণ আৰু সগুণক নটা ভাগত ভাগ কৰিব পাৰি ।

শ্ৰৱণ :- ভক্তিৰে সৈতে ঈশ্বৰৰ কীৰ্ত্তন শুনা।

কীৰ্ত্তন:- অন্তৰেৰে সৈতে ভগৱানৰ মহিমা বৰ্ণনা কৰি গোৱা।

স্মৰণ :- সকলো ধৰণৰ ভয় অতিক্ৰম কৰি ভগৱানক স্মৰণ কৰা (নিৰ্গুণ ভক্তি)।

পুৱাৰ পৰা ৰাতিলৈকে ভগৱানৰ কামত ব্ৰতি হোৱা (সগুণ) ।

সেৱন :- সকলো ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ আৰু বেদৰ দ্বাৰা নিৰ্ধাৰিত গুণৰ পথ অনুসৰণ কৰা।( Religious Studies )

দাস্য :- হৃদয়ৰ ভক্তিৰ অমৃতৰ সৈতে ঈশ্বৰৰ পূজা কৰা।

অৰ্চন :- সদায় নিজকে ঈশ্বৰৰ কামৰ বাবে বুলি বিবেচনা কৰি আৰু সদায় ঈশ্বৰৰ পূজাত লিপ্ত হৈ থকা ।

বন্দন:- অষ্টাঙ্গ প্ৰণামেৰে নিজৰ ইষ্ট দেৱতাক ভগৱান বুলি মনৰ মাজত লৈ মন্ত্ৰ উচ্চাৰণ কৰা ।

সখ্য :- ঈশ্বৰৰ ওপৰত অটল বিশ্বাস ৰখা, মঙ্গল আৰু অমঙ্গল দুয়োটা ক্ষেত্ৰতে কিবা ভালৰ বাবে বুলি ধৰা।
আত্মসমৰ্পণ:- সকলো চিন্তা পৰিহাৰ কৰি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰা।

মহাশিৱ পুৰাণৰ মতে ভক্তি মাৰ্গৰ এই কেইটা পথৰ জড়িয়তে মোক্ষ্য লাভ কৰিব পাৰি।

Exit mobile version