Site icon Guwahati Times

মহাভাৰতৰ এই ৯ টা মূল সূত্ৰ আজিয়ে বুজি লওঁক

মহাভাৰত খন পঢ়িবলৈ সময়ৰ নাটনি হ’লেও  ইয়াৰ পৰা যদি আমি এই ৯টা সূত্ৰ বুজি লওঁ, তেন্তে আমাৰ জীৱন যাপন কৰাৰ উপযোগী তথা জীৱন সাৰ্থক হ’ব পাৰে৷

1. কৌৰৱ : ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে, তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব৷

2. কৰ্ণ : আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিম্বা বলবান নহওক কিয়, কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে, তেন্তে আপোনাৰ শক্তি/ আপোনাৰ বিদ্যা-শিক্ষা/ বৰদান/ অস্ত্ৰসস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব৷

3. অশ্বত্থামা : সন্তানক ইমান উচ্চাকাংক্ষী তথা মহত্বাকাংশীও কৰি নুতুলিব, যিয়ে নেকি নিজৰেই বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাতি আনিব পাৰে৷

4. পিতামহ ভীষ্ম : কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি দিব নেলাগে, যিয়েনেকি এদিন আপোনাক অধৰ্মী বিধৰ্মীৰ সমুখত মূৰ দোঁৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব৷

5. দুৰ্যোধন : সম্পত্তি, শক্তি অথবা ক্ষমতাৰ অপপ্ৰয়োগৰ পৰিণাম আৰু দুৰাচাৰীৰ শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত৷

6. ধৃতৰাষ্ট্ৰ : লোভ, মোহ, অজ্ঞানতা, মদিৰা আৰু অন্ধৰ হাতৰ ক্ষমতাইও বিনাশৰ দিশে লৈ যায়৷

7. অৰ্জুন : যদি আপোনাৰ বিদ্যা আৰু বিবেকক সদব্যৱহাৰ কৰে তেন্তে বিজয় নিশ্চিত৷

8. শকুনি : প্ৰত্যেক টো কাৰ্যতে চল, কপটতা কিম্বা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে৷

9. যুধিষ্ঠিৰ : যদি আপুনি নীতি, ধৰ্ম, কৰ্ম সততাৰে পালন কৰে, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই আপোনাক পৰাজিত কৰিব নোৱাৰে৷

Exit mobile version