Site icon Guwahati Times

কন্যাকাল আৰু ঋতুস্রাৱজনিত সমস্যা !

শেষৰ ৰোগীগৰাকীক চাবলৈ সাজু হৈছেছা৷ এনেতে এগৰাকী মাক জীয়েকৰ সৈতে ভিতৰলৈ সোমাই আহিল৷ দুর্বল, শেঁতা পৰা ছোৱালীজনী দেখিয়েই বুজিলোঁ ৰোগী মাক নহয়, ছোৱালীজনীহে৷ ‘কি হ’ল তাইৰ?’ মোৰ প্রশ্ণৰ উত্তৰত মাকগৰাকীয়ে কান্দোনভৰা মাতেৰে ক’লে– ছাৰ তিনি মাহ ধৰি এইৰ স্রাৱ গৈয়েই আছে৷ শান্তি হোৱা দিন ধৰি স্রাৱ বন্ধই হোৱা নাই৷ সৰু ছোৱালী, ঔষধো দিব নোৱাৰি৷ ঘৰত মূৰ ঘূৰাই পৰি যোৱাত ইয়ালৈকে লৈ আহিলোঁ৷ কিবা এটা কৰক ছাৰ৷ ছোৱালীজনীক ততাতৈয়াকৈ নার্ছিং হোমত ভর্তি কৰি চিকিৎসা আৰম্ভ কৰিলোঁ৷ তাইৰ গাৰ তেজ কমি হিম’গ্লবিন ছয় গ্রাম হৈছে৷ চাৰি বটল তেজ দিয়াৰ পিছত ছোৱালীজনী সুস্থ হৈ উঠিল৷ এসপ্তাহৰ পিছত তাই ঘৰলৈ গ’ল৷
ছোৱালীজনীৰ অসুখটোক পিডবাৰটি মেন’ৰেজিয়া বোলে৷ ছোৱালী এজনী কিশোৰী অৱস্থাৰ পৰা যৌৱন অৱস্থা পোৱাৰে পৰা মাহেকীয়া বা ঋতুস্নান আৰম্ভ হয়৷ প্রথম মাহেকীয়া হোৱাটোক পুষ্পিতা হোৱা বোলে৷ পুষ্পিতা হোৱাৰ পৰা দুবছৰমানলৈ ঋতুস্নান নিয়মিত ৰূপত নহয়৷ এই সময়ছোৱাত হাইপ’থেলাম’ পিটুইটেৰী অ’ভেৰিয়ান এক্সিছ অপৈণত অৱস্থাত থাকে৷ ফলত ঋতুস্নান অনিয়মিত ৰূপত হয়৷ এবাৰ এই এক্সিছে পূর্ণতা পালেই ঋতুস্নান নিয়মিত ৰূপত হ’বলৈ ধৰে৷
সাধাৰণ অৱস্থাত মাহেকীয়া ঋতুস্নান ২৯ৰ পৰা ৩৫ দিনৰ মূৰে মূৰে হয়৷ ই গডে পাঁচ দিনলৈ থাকে আৰু প্রায় ২৫ৰ পৰা ৮০ মিলিলিটাৰ তেজ নির্গত হয়৷ যদিহে ৰক্তস্রাৱ ৭ দিনতকৈ বেছিকৈ থাকে বা ৮০ মিলিলিটাৰতকৈ বেছি হয়, তেতিয়া ছোৱালীজনী পিউবাৰটি মেন’ৰেজিয়াত ভোগা বুলি কোৱা হয়৷ পিউবাৰটি মেন’ৰেজিয়া পুষ্পিতা হোৱাৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত হোৱা দেখা যায়৷
বিভিন্ন কাৰণত ঋতুস্নানৰ সময়ত অতিমাত্রা ৰক্তক্ষৰণ হ’ব পাৰে৷ কেতিয়াবা ই ইমান বেছি হয় যে ছোৱালীজনীক চিকিৎসালয়ত ভর্তি কৰি তেজ দিব লগা হয়৷ তলত বিভিন্ন কাৰণসমূহ উল্লেখ কৰা হ’ল–

Exit mobile version