Site icon Guwahati Times

নিশা সূৰ্য অস্ত নোযোৱা বিশ্বৰ আজৱ ঠাইকেইখন

সাধাৰণতে পৃথিৱীৰ প্ৰায়ভাগ প্ৰান্ততে দিনৰ ১২ ঘণ্টা দিন আৰু ১২ ঘণ্টা ৰাতি হৈ থাকে। কিন্তু বিশ্বত এনে কিছুমান ঠাই আছে য’ত বহুদিন ধৰি সূৰ্যৰ পোহৰেৰে দিন হৈ থাকে আৰু এই ঠাইবোৰত পৰ্যটকৰ যথেষ্ট ভিৰ হয়। সকলোৱে জানি আচৰিত হ’ব যে এই ঠাইবোৰত ৭০ দিন বা তাতকৈ অধিক দিন হৈ থাকে।

~ নৰৱে’

নৰৱে’ক মধ্যৰাতিৰ সূৰ্য্যৰ দেশ বুলিও কোৱা হয়। ইয়াত সূৰ্য প্ৰায় ৭৬ দিনৰ বাবে দৃশ্যমান হৈ থাকে। ১০ এপ্ৰিলৰ পৰা ২৩ আগষ্টলৈ ইয়াত দিন হৈ থাকে।

~ কানাডা, নুনাভুট

সকলোৱে নিশ্চয় কানাডাৰ বিষয়ে শুনিছে। এই দেশখনত নুনাভুট নামৰ এখন চহৰ আছে য’ত প্ৰায় ২ মাহ ধৰি আকাশত সূৰ্য ওলাই থাকে, কিন্তু যেতিয়া শীত কাল আহে, কেৱল সেই সময়তহে ৰাতি হৈ থাকে।

~ ফিনলেণ্ড

ফিনলেণ্ডক হাজাৰ হাজাৰ হ্ৰদৰ দেশ বুলিও কোৱা হয়। ইয়াত গ্ৰীষ্মকালত প্ৰায় ৭৩ দিনৰ বাবে ইয়াত সূৰ্য দৃশ্যমান হৈ থাকে, কিন্তু শীতকালত সূৰ্য আকাশত দেখিবলৈ পোৱা নাযায়, অৰ্থাৎ ইয়াত বহুদিন ধৰি ৰাতি হৈ থাকে। ইয়াৰ এটা আচৰিত কথা হ’ল যে, ইয়াত মানুহে গ্ৰীষ্মকালত কমকৈ টোপনি মাৰে।

~ আলাস্কা

আলাস্কাত মে’ মাহৰ শেষৰ পৰা জুলাইৰ শেষলৈকে, সূৰ্য আকাশত থাকে। আলাস্কাক ‘প’লাৰ নাইট’ৰ ঠাই বুলিও কোৱা হয়। ইয়াত পৰ্যটকে বহু ধুনীয়া দৃশ্য চাব পাৰে।

Exit mobile version