Site icon Guwahati Times

পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ফুলকেইবিধ

পৃথিৱীত বিভিন্ন প্ৰকাৰৰ ফুল আছে। কিছুমান কাঁইটীয়া আৰু কিছু ৰঙীন। কিছুমান ইমানেই বিষাক্ত যে ই মানুহৰ প্ৰাণ ল’ব পাৰে। আনহাতে, কিছুমান ইমান সুগন্ধি হয় যে সেই গোন্ধত সকলো মতলীয়া হৈ যায়। কিন্তু কিছুমান ফুল আছে যিবোৰ ইমান ব্যয়বহুল যে সেইবোৰৰ মূল্যৰ বিনিময়ত পৃথিৱীৰ কিছুমান দেশ ভ্ৰমণ কৰিব পৰা যায়, লগতে বহুতো বিলাসী বাহন ক্ৰয় কৰিব পাৰি।

ব্যয়বহুল ফুলকেইবিধঃ

~ কেশৰ

কেশৰৰ মূল্য বজাৰত প্ৰায় ১০০০ ডলাৰ । ইয়াৰ অৰ্থ হৈছে যে ইয়াক ভাৰতীয় বজাৰত ক্ৰয় কৰিবলৈ, প্ৰতি কিলোগ্ৰামত ১ লাখৰ পৰা ২ লাখ টকা পৰিশোধ কৰিব লাগিব।

~ শ্বেনঝেন নাংকে অৰ্কিড

এইটো এটা অতি ধুনীয়া ফুল। শ্বেনঝেন নাংকে অৰ্কিড সম্পূর্ণ ফুলিবলৈ ৮ ঘণ্টা সময় লাগে। ২০০৫ চনত, ইয়াৰ মূল্য আছিল ৮৬ লাখ টকা, যাৰ মূল্য এতিয়া হয়টো যথেষ্ট বেছি।

~ ব্যয়বহুল ফুলৰ থোপা

সকলোৱে নিশ্চয় বিবাহ বা আন অনুষ্ঠানত ফুলৰ থোপা উপহাৰ দিছে। যৈৰ মূল্য হয়টো ১০০০ বা সৰ্বাধিক ৩০০০ টকা পৰিশোধ কৰিব লগা হৈছে। কিন্তু পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ফুলৰ থোপাটোৰ মূল্য হৈছে ১ কোটি টকা। এইটো ভিয়েটনাকৰ ৰুবি প্লাজাত উপলব্ধ। লিলি, অৰ্কিড আৰু চন্দ্ৰ ফুলৰ উপৰিও, ১০০ বছৰ পুৰণি ফাইকাচ লগোৱা থাকে।

~ অমূল্য ফুল

কাদুপুলক শ্ৰীলংকাত অমূল্য ফুল বুলি গণ্য কৰা হয়। ইয়াক কোনেও কিনিব নোৱাৰে কিয়নো ই কেৱল কেইঘণ্টামানৰ বাবে ফুলে।

~ টিউলিপ

আগতে এই ফুলৰ দাম বহুত বেছি আছিল। কিন্তু এতিয়া ইমান বেছি দাম নহয়। কাশ্মীৰত ইয়াক বহুল হাৰত খেতি কৰা হয়। সপ্তদশ শতিকাৰ পিছত, সমগ্ৰ বিশ্বতে ইয়াৰ চাহিদা বৃদ্ধি পাইছে।

~ গাৰ্ডেনিয়া

বিবাহ আৰু অন্যান্য কাৰ্যত এই ফুলৰ যথেষ্ট ব্যৱহাৰ হোৱা দেখা যায়। প্ৰতিটো উদ্ভিদৰ ব্যয় হৈছে ২০-৬০ ডলাৰ, অৰ্থাৎ ১০০০-১৬০০ টকা পৰ্যন্ত।

~ জুলিয়েট ৰোজ

এই ফুলৰ খেতি কৰিবলৈ ডেৰ দশক ধৰি সময় লাগিছিল। ইয়াক ২০০৬ চনত চেলচি ফুল উৎসৱত প্ৰদৰ্শন কৰা হয়। তাত ইয়াৰ মূল্য আছিল ১৫.৮ নিযুত ডলাৰ, যি ভাৰতীয় মুদ্ৰাত ৯৩ কোটি টকা।

~ গল্ড অৱ কিনাবালু অৰ্কিড

এই ফুল বিলুপ্ত হোৱাৰ ফুলৰ প্ৰজাতিবোৰৰ ভিতৰত এবিধ। এতিয়া এই ফুল কেৱল মালয়েছিয়াত উপলব্ধ। ইয়াৰ এটা ফুল কিনিবলৈ, ৫০০০ ডলাৰ অৰ্থাৎ ৪ লাখ টকা পৰিশোধ কৰিব লাগিব।

Exit mobile version