Site icon Guwahati Times

ভাল টোপনি আহিবলৈ এই চাহ খাওক…লগতে চুলি সৰা সমস্যাও নাইকিয়া হ’ব

ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰাৰ পিছত শৰীৰ আৰু মগজু দুয়োটা সম্পূৰ্ণ ভাগৰুৱা হৈ পৰে। এই ক্লান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু পিছদিনা হুলস্থুলৰ বাবে নিজকে পুনৰ সাজু কৰিবলৈ হ’লে পেশীবোৰ শিথিল কৰাৰ লগতে মনটোক শান্ত কৰা কাম এটাও কৰিব লাগে। সাধাৰণতে মনটোক শান্ত কৰিবলৈ ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু পৰিয়ালৰ এজন ব্যক্তিৰ বাবে ঘৰতে ধ্যান কৰাটো আমাৰ সমাজত বৰ্তমান বৰ সহজ নহয়! মনটো শান্ত কৰিবলৈ চাহ খোৱাৰ পিছতো এই কামটো কৰিব পাৰি…

মগজুক কেনেকৈ ৰিলেক্স বা বিৰাম কৰিব?

মনক শান্ত কৰিবলৈ আৰু মানসিক ক্লান্তি দূৰ কৰিবলৈ এনে কিছুমান পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যিয়ে মগজুত সুখী হৰম’নৰ নিঃসৰণ বৃদ্ধি কৰে। ইয়াৰ বাবে ইয়াত উল্লেখ কৰা চাহ খাব লাগে।

নৰসিংহৰ পাত – ৭ৰ পৰা ৮টা
পানী – ১ গিলাচ
গুলহাদ ফুল – ১
সেউজীয়া ইলাচি – ১

চাহ প্ৰস্তুতৰ ৰেচিপিঃ

-প্ৰথমে নৰসিংহৰ পাত আৰু সেউজীয়া ইলাচি এগিলাচ পানীত দি কম জুইত ৩ৰ পৰা ৪ মিনিট মান ৰান্ধিব।
-মনত ৰাখিব যে সেউজীয়া ইলাচি থেতেলিয়াই দিব লাগে।
-এতিয়া তাত গুলহাদ ফুল দিব। ইয়াৰ পিছত পুনৰ কম জুইত তিনি মিনিট ৰান্ধিব।
-এতিয়া ইয়াক ফিল্টাৰ কৰি লাহে লাহে ইয়াৰ চুমুকবোৰ উপভোগ কৰক।
-কেৱল ৰাতি নহয়, ইচ্ছা কৰিলেও এই চাহৰে দিনটো আৰম্ভ কৰিব পাৰে।

৩ সপ্তাহত চুলি সৰা কমি যাব:

-এই চাহৰ লগতে সপ্তাহত দুবাৰকৈ চুলিত তেলেৰে মালিচ কৰিবলৈ আৰম্ভ কৰক।
-মালিচৰ বাবে সৰিয়হৰ তেলত মেথি গুটি দিব বা নৰসিংহৰ পাত নাৰিকল তেলৰ সৈতে জমা কৰি মালিচৰ বাবে ব্যৱহাৰ কৰিব।
-ইলাচীৰ গুটি পানীত ৰাতি তিয়াই ৰাতিপুৱা খালী পেটত সেৱন কৰিব লাগে।
-ৰাতি সময়মতে শুই ৰাতিপুৱা সাৰ পাই ব্যায়াম কৰক। ইয়াৰ ফলত শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু চুলিৰ শিপালৈ অত্যাৱশ্যকীয় পুষ্টি লাভ কৰে।
-এইবোৰ কথা আপোনাৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰক আৰু তাৰ পিছত ইয়াৰ প্ৰভাৱ চাওক। মাত্ৰ ৩ সপ্তাহৰ ভিতৰতে চুলি সৰা কমি যোৱা দেখিব। নিয়মিতভাৱে এনে কৰিলে চুলি সুস্থ আৰু চিকচিকিয়া হ’ব।

Exit mobile version