Site icon Guwahati Times

ঘৰুৱা উপায়েৰে বৃদ্ধি কৰক মাতৃদুগ্ধ

১. নেমু- পুদিনা পানীয়: গ্ৰীষ্ম কাল হওঁক বা শীতকালত নেমু-পুদিনাৰ পানীয়ে আপোনাক প্ৰতিটো ঋতুতে সতেজ কৰি ৰাখে। দৈনিক এই পানীয় গ্ৰহণ কৰিলে, পাচন তন্ত্ৰই সুচাৰুৰূপে কাম কৰে। ফলত গেছ, এচিডিটিৰ কোনো সমস্যা নহয়। এই পানীয়ই শৰীৰটো হাইড্ৰেটেড কৰি ৰাখে, যাৰফলত কেঁচুৱাটোৰ বাবে পৰ্যাপ্ত গাখীৰ তৈয়াৰ কৰা হয়।

২. আঙুৰ – কিৱি চালাড: দুয়োটা ফলতে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি থাকে, যিবোৰ শেহতীয়াকৈ মাতৃত্ব অৰ্জন কৰা মহিলাসকলৰ বাবে বহুক্ষেত্ৰত প্ৰয়োজনীয়। ই হজমৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। ই গাখীৰ প্ৰস্তুত কৰাত সহায় কৰে।

৩.বিলাহীৰ চুপ: আপুনি বিভিন্ন ধৰণে আপোনাৰ আহাৰত বিলাহীৰ অন্তৰ্ভুক্ত কৰিব পাৰে। চালাড, চুপ দৰে বহুতো বিকল্পত ইয়াক ব্যৱহাৰ কৰিব পাৰে। আহাৰৰ ফাইবাৰ বিলাহীত থাকে। যদি মাতৃদুগ্ধৰ পৰিমান কম হয়, তেন্তে আপুনি ইয়াক সেৱন কৰিলে ইয়াৰ পৰিমান বৃদ্ধি হব।

৪. কমলা/কিৱি/মৌচাম্বি ৰস: এই তিনিটা ফলৰ পৰা প্ৰস্তুত কৰা ৰস পান কৰিলে বহুতো সুবিধা হোৱাৰ সমান্তৰালকৈ মাতৃদুগ্ধও বৃদ্ধি হয় ।

Exit mobile version