অষ্টিঅ’আর্থ্রাইটিছ বা অস্থিসন্ধিৰ বাত ৰোগত পুৰুষ-মহিলা সকলোৱে আক্রান্ত হ’ব পাৰে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে পুৰুষৰ তুলনাত মহিলাসকল এই ক্ষেত্ৰত আক্ৰান্ত হোৱাৰ আশংকা বেছি।
ইয়াৰ আঁৰত কাৰণো আছে। শৰীৰৰ যিকোনো অস্থিসন্ধিত এনে সমস্যাই গা কৰি উঠিব পাৰে।
প্রত্যেক ব্যক্তিৰ আঁঠুৰ নিৰ্দিষ্ট ওজন সহিব পৰা ক্ষমতা থাকে। যেতিয়া শৰীৰৰ ওজন বেছি হয়, তেতিয়া ইয়াৰ প্ৰভাৱ আঁঠুৰ ওপৰত পৰে। অতিৰিক্ত ওজনৰ বাবেই এনে সমস্যাই গা কৰি উঠে।
মেন’পজৰ পাছত এনে সমস্যাই সহজে গা কৰি উঠাৰ আশংকা বেছি।
শাৰীৰিক উচ্চতা অনুসৰি শৰীৰৰ ওজন ভাৰসাম্য নহ’লেও এনে হ’ব পাৰে।
জন্মগত ত্রুটিৰ বাৰ্বেও এনে সমস্যাই গা কৰি উঠাৰ আশংকা নুই কৰিব নোৱাৰি।
খেলুৱৈসকলৰ আঁঠুত এনে সমস্যাই সহজে গা কৰে।
যেতিয়া আঁঠুৰ ওপৰত অতিৰিক্ত পৰিশ্ৰমৰ প্ৰভাৱ পৰে বিশেষকৈ নির্দিষ্ট দূৰত্বলৈকে খোজ কঢ়াৰ উপৰি বেছি দৌৰা আদিৰ বাবে পৰোক্ষভাৱে প্ৰভাৱ পৰে।
মহিলাৰ অষ্টিঅ’ আর্থ্রাইটিছ বেছি কিয়?

Closeup woman sitting on sofa holds her ankle injury, feeling pain. Health care and medical concept.
