হিন্দু ধৰ্মৰ গৰুড় পুৰাণত জন্ম, মৃত্যু, স্বৰ্গ আৰু নৰকৰ কথা কোৱা হৈছে। ইয়াৰ লগতে ব্যক্তিজনৰ কৰ্মৰ বিৱৰণো স্পষ্ট ৰূপত উল্লেখ কৰা হয়। আমি প্ৰায়ে পুনৰ্জন্মৰ কথা শুনিবলৈ পাওঁ। কিন্তু মৃত্যুৰ পিছত আত্মাৰ পুনৰ্জন্ম কেনেকৈ আৰু কি ৰূপত হয়, সেই বিষয়েও গৰুড় পুৰাণত বৰ্ণনা কৰা হৈছে।
গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে তেওঁৰ চৰাই গৰুড় ৰাজক এই বিষয়ে কৈছে। গৰুড় পুৰাণৰ মতে, এজন ব্যক্তিৰ জীৱনকালত কৰা কৰ্মৰ ভিত্তিত মৃত্যুৰ পিছত তেওঁৰ পৰৱৰ্তী জন্মৰ ৰূপ নিৰ্ণয় কৰা হয়। অৰ্থাৎ এই জন্মৰ কৰ্মৰ ভিত্তিত পৰৱৰ্তী জন্মৰ ৰহস্য আপোনাৰ ওচৰত প্ৰকাশ কৰা হয়। গৰুড় পুৰাণ মতে পৰৱৰ্তী জন্মৰ লগত জড়িত ৰহস্যৰ বিষয়ে জানি লওক।
এই কৰ্মবোৰৰ লগত জড়িত পৰৱৰ্তী জন্মৰ ৰহস্য-
১.গৰুড় পুৰাণৰ মতে এনে লোক যিয়ে নিজৰ পিতৃ-মাতৃ বা সন্তানক অসুখী কৰি তোলে। পৰৱৰ্তী জন্মত পৃথিৱীত জন্ম ল’ব নোৱাৰে, বৰঞ্চ তাৰ আগতেই গৰ্ভত মৰি যায়।
২.নাৰীক শোষণ কৰা বা কষ্ট দিয়া এনে লোকে পৰৱৰ্তী জীৱনত ভয়ংকৰ ৰোগত আক্ৰান্ত হৈ শাৰীৰিক যন্ত্ৰণাত জীৱন কটায়।
৩.আনহাতে, অচিনাকি মহিলাৰ লগত সম্পৰ্ক গঢ়ি তোলা এনে পুৰুষ, পৰৱৰ্তী জন্মত নপুংসক হৈ পৰে।
৪.যিসকলে নিজৰ গুৰুক সন্মান নকৰে, তেওঁলোকে মৃত্যুৰ পিছত নৰকত স্থান পায়। লগতে এনে লোকে পৰৱৰ্তী জন্মত পানী নোহোৱাকৈ ব্ৰহ্মৰাক্ষ হিচাপে জন্ম লয়। কাৰণ শাস্ত্ৰত গুৰুক ঈশ্বৰৰ সমান বুলি গণ্য কৰা হৈছে।
৫.গৰুড় পুৰাণৰ মতে, যিসকলে জীৱনত চলনা আৰু প্ৰতাৰণা কৰে, তেওঁলোকে পৰৱৰ্তী জীৱনত ফেঁচাৰ ৰূপত জন্ম লয়। নিৰীহ এজনৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়াসকলে পৰৱৰ্তী জীৱনত অন্ধতা ভোগ কৰিবলগীয়া হয়।
৬.গৰুড় পুৰাণৰ মতে কাৰোবাক হত্যা, লুণ্ঠন বা জীৱ-জন্তু চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলে পৰৱৰ্তী জন্মত কচাইৰ হাতত মৃত্যু হোৱা ছাগলীৰ ৰূপ পায়।
৭.নাৰীক হত্যা কৰা বা গৰ্ভপাত কৰা ব্যক্তিজনে নৰকৰ বেদনা ভোগ কৰিবলগীয়া হয় আৰু তাৰ পিছত সেই ব্যক্তিজনৰ পৰৱৰ্তী জন্ম চন্দাল হয়।

