১২ পত্নী, ১০২ সন্তান৷ আফ্রিকান ৰাষ্ট্র উগাণ্ডাৰ মুছা হাছায়াৰ সুখৰ সংসাৰ৷ আধুনিক ধৃতৰাষ্ট্রৰ ইমান সন্তান–সন্ততি থকাৰ পিছতো সংসাৰত বিৰাগ ভাব জন্মা নাই৷ অৱশ্যে শেহতীয়াকৈ সংসাৰ চলোৱাটো কঠিন হৈ পৰা বুলি মন্তব্য কৰিছে মুছাই৷ গতিকে এই ১ ডজন পত্নীক গর্ভ নিৰোধক টেবলেট ব্যৱহাৰ কৰিবলৈ নির্দেশ দিছে ৬৭ বছৰীয়া মুছাই৷ সংবাদ মাধ্যমক শেহতীয়াকৈ মুছাই জনাইছে যে নতুনকৈ সন্তান জন্ম দিয়াৰ ইচ্ছা আৰু তেওঁৰ নাই৷ সীমিত আয়ৰ মাজেৰে সংসাৰ চলোৱাটো ক্রমাৎ কঠিন হৈ পৰিছে৷ অৱশ্যে এই বৃহৎ সংসাৰক লৈ তেওঁ সুখী৷ ১২গৰাকী পত্নীয়ে যাতে পুনৰ সন্তান ধাৰণ কৰিব নোৱাৰে তাৰ বাবে মুছাই তেওঁলোকক গর্ভ নিৰোধক টেবলেট ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়া বুলিও সংবাদ মাধ্যমক উল্লেখ কৰিছে৷
১২ পত্নী–১০২ সন্তান: তথাপি চলিছে সুখৰ সংসাৰ

