Site icon Guwahati Times

এলাহ দূৰ কৰি জীৱন সাৰ্থক কৰক এনেদৰে | Inspiring Quotes

এবাৰ এজন এলেহুৱা ল’ৰাই এজন বৃদ্ধ ভিক্ষাৰীক কৈছিল, ” মোৰ বহুত এলাহ যাৰ কাৰণে মই জীৱনত যিয়ে কৰিব বিচাৰো সকলো কৰিবলৈ অসমৰ্থ হওঁ , এতিয়া মই কি কৰো মোক কিবা উপায় দিয়ক ” । ভিক্ষাৰীজনে প্ৰশ্ন কৰিছিল, ” তুমি সঁচাই ভবা নেকি যে তোমাৰ সঁচাই এলাহ আছে “? ল’ৰাজনে উত্তৰ দিছিল, ” সঁচাই ভাবোঁ কাৰণ অকল ময়ে নহয় , মোৰ গাওঁৰ সকলোৱে কয় যে মই খুব এলেহুৱা”।How to be positive

বৃদ্ধ ভিক্ষাৰীয়ে পুনৰ কৈছিল, ” তোমাৰ কিবা প্ৰমাণ আছে নেকি যে তুমি এলেহুৱা “? যুৱকজনে পুনৰ উত্তৰ দিছিল, ” আছে কিয়নো মই জানো যে শৰীৰ চৰ্চা কৰা খুব ভাল কিন্তু মই ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠিব নোৱাৰো, মই জানো যে কিতাপ পঢ়া ভাল কিন্ত মোৰ এলাহৰ বাবে মই কিতাপৰ পাত মেলিব নোৱাৰোঁ” । বৃদ্ধলোক জনে উত্তৰ দিছিল, ” তুমি জানানে এলাহ আচলতে কি” ? যুৱক জনে কৈছিল,” মই নাজানো, এলাহ কি বস্তু কিন্তু এইটো যিয়ে নহওঁক কিয় এই এলাহ কিন্ত এটি খুব বেয়া বস্তু”। বৃদ্ধলোকজনে কৈছিল, ” পোন প্ৰথম তুমি এইটো বুজিবলৈ চেষ্টা কৰা যে মানুহৰ মাজত যিবোৰ প্ৰাকৃতিক ভাবে থাকে তাৰ কিবা নহয় কিবা মূল্য আছে সেইটো বেয়াই হওঁক বা ভাল, এলাহ হৈছে মানুহৰ এটি চিন্তাৰ পৰিনাম , সেয়া জানি হওঁক বা নাজানি মানুহে নিজেই অভ্যাস গঢ়ি লয়”। তাৰ পিছত যুৱক জনে কৈছিল, ” সেয়া কেনেকৈ সম্ভৱ, এলাহৰ অভ্যাস মানুহে নিজে কিয় গ্ৰহণ কৰিব”? বৃদ্ধ গৰাকীয়ে কৈছিল যে এলাহৰ অভ্যাসবোৰ গঢ়ি উঠাৰ কাৰণ দুটি ১) শাৰীৰিক আৰু ২) মানসিক ।

যেতিয়া মানুহে এনে কিছুমান খাদ্য গ্ৰহণ কৰে যিবোৰৰ কোনো পুষ্টি গুণ নাই তেতিয়া সেই খাদ্যই দেহত এলাহ আৰু অলসতাৰ সৃষ্টি কৰে কাৰণ শৰীৰৰ সক্ৰিয়তা নিৰ্ভৰশীল হয় শক্তিৰ ওপৰত ; লগতে শাৰীৰিক এলাহ নিৰ্ভৰ কৰে মানুহৰ বহা, টোপনি আৰু খোজকঢ়াৰ ওপৰত। বৃদ্ধই পুনৰাই কৈছিল তুমি যদি কেতিয়াবা গৌতম বুদ্ধৰ বিষয়ে পঢ়িছাঁ বা শুনিছাঁ তেতিয়া দেখিবা যে বুদ্ধই সদায় কঁকাল পোনাই বহিছিল, যেতিয়া তেওঁ শুই পৰিছিল তেতিয়া তেওঁৰ শৰীৰৰ কোনো অংগৰ ওপৰত চাপ নপৰিছিল আৰু যেতিয়া তেওঁ খোজ কাঢ়িছিল তেওঁ শৰীৰৰ ভাৰসাম্যতা ৰাখিছিল প্ৰতি মুহূৰ্ততে ; ইয়াৰ উপৰিও শাৰীৰিক অলসতাৰ অইন এটি কাৰণ হৈছে ৰাতিপুৱা দেৰিকৈ শুই থকা অভ্যাস। যুৱকজনে কৈছিল, ” আপুনি ঠিকেই কৈছে মই কোনোদিনে সোনকালে শুই উঠিব নোৱাৰো”। তেতিয়া বৃদ্ধই এটি মিচিকিয়া হাঁহি মাৰি কৈছিল যে মানুহে তেতিয়াহে ৰাতিপুৱা সোনকালে উঠিব পাৰিব যেতিয়া তেওঁ ৰাতি টোপনিত পৰাৰ এটি সঠিক সময় নিৰ্বাচন কৰি লব পাৰিব, আৰু তাক এটি নিজৰ জীৱনৰ নিয়ম ( rule ) হিচাপে গণ্য কৰিব লাগিব। কিয়নো নিয়ম আৰু সূত্ৰই মানুহক বাধ্য কৰায় ।

তেতিয়া যুৱকজনে কৈছিল, ” তেনেহলে মই এতিয়া কি বিষয়ৰ পৰা আৰম্ভণি কৰোঁ ; সঠিক খাদ্য গ্ৰহণৰ পৰা – সঠিককৈ টোপনি যোৱাৰ পৰা – নে সঠিককৈ চলাফুৰা কৰাৰ পৰা “? বৃদ্ধই হাঁহিৰে কৈছিল,” তুমি এই মুহূৰ্তৰ পৰা আৰম্ভ কৰা, এতিয়া তুমি যি কিছু কৰিছা সেইটো মনযোগেৰে কৰা “।

তাৰ পিছত বৃদ্ধই কৈছিল মনৰ অলসতাৰ কথা ; মানুহৰ মনে ঘাইকৈ শৰীৰৰ বাবেই এলাহ আৰু অলসতা কৰে। মানসিক এলাহৰ প্ৰথম কাৰণ হৈছে মানুহৰ ভুল বিশ্বাস ; অৰ্থাৎ যিজন এবাৰ ব্যৰ্থ হয় তেওঁ দ্বিতীয় প্ৰয়াসৰ সাহস নকৰে, কাৰণ তেওঁ প্ৰথম আৰু দ্বিতীয় প্ৰয়াসৰ পাৰ্থক্য নুবুজে , তেওঁ দ্বিতীয় প্ৰয়াসৰ মানসিক প্ৰস্তুতি কৰিব নাজানে । বৃদ্ধই কৈছিল যে যেতিয়ালৈ মানুহে নিজকে নিজৰ মনত যোগ্য বুলি আত্মবিশ্বাস প্ৰস্তুত নকৰে তেতিয়ালৈ তেওঁৰ এলাহ থাকিব। ইয়াৰ পিছত এলাহৰ আন এটি কাৰণ হৈছে সৰু চিন্তা কৰা আৰু এলেহুৱা লোকৰ সৈতে নিজৰ সময় অপচয় কৰা ; বহু মানুহৰ এলাহ সহজাত ভাবে নাথাকে কিন্ত এলেহুৱা লোকৰ সৈতে বসবাস কৰাৰ ফলত তেওঁলোক এলেহুৱা হৈ পৰে। তাৰ পিছত বৃদ্ধই কৈছিল যে মানসিক এলাহৰ তৃতীয় কাৰণ হৈছে বিষয়বস্তুৰ ওপৰত লোকজনৰ স্পষ্ট ধাৰণা নথকা ; লগে লগে তেওঁ যুৱকজনক প্ৰশ্ন কৰিছিল যে এজন মানুহ এখন গভীৰ অৰণ্যত সোমাই তেওঁ নিজৰ ঘৰৰ দিশ পাহৰি গৈছে তেতিয়া তেওঁ কি কৰিব ? যুৱক জনে উত্তৰ দিছিল যে অৱশ্যেই লোকজনে নিজৰ ঘৰ বিচৰাৰ বাবে উত্ৰাৱল হৈ পৰিব। পুনৰ বৃদ্ধই সুধিছিল যে বহু বিচৰাৰ পিছতো মানুহজনে নিজৰ ঘৰৰ দিশ বিচাৰি উলিয়াবৰ বাবে অক্ষম হয় তেতিয়া তেওঁ কি কৰিব ? যুৱকজনে উত্তৰ দিছিল যে তাৰ পিছতো লোকজনে নিজৰ ঘৰৰ সন্ধান কৰিবলৈয়ে চেষ্টা কৰি থাকিব কাৰণ তেওঁ ঘৰলৈ যাব নোৱাৰিলে জংঘলত বনৰীয়া জন্তুৱে আক্ৰমণ কৰাৰ শংকা থাকিব। তেতিয়া এটি মিচিকিয়া হাঁহিৰে বৃদ্ধ লোকজনে কৈছিল মানুহৰ মনত এলাহ তেতিয়াই জন্মে যেতিয়া মানুহ জনৰ হাতত অধিক বিকল্প ( option ) থাকে ; কিন্তু যদিহে লোকজনৰ মাত্ৰ এটাই বিকল্প ৰৈছে তেন্তে তেওঁৰ মনত এলাহৰ কোনো ঠাই নাথাকে।

লগতে বৃদ্ধই কৈছিল যে তুমি এতিয়া ৰাতিপুৱা সোনকালে উঠি শৰীৰ চৰ্চা কৰিব পৰা নাই কিয়নো তুমি তোমাৰ ভৱিষ্যতক চাব পৰা নাই , তোমাৰ ভৱিষ্যত জীৱনত ভুগিব লগীয়া দুৰ্ভোগ বোৰ কল্পনা কৰিব পৰা নাই , অৰ্থাৎ যদি তুমি কৰি যোৱা কামৰ কোনো দৰ্শন নাই , ডাঙৰ অৰ্থ নাই সেই কামত এলাহ থাকিবই । যুৱকজনে সেই বৃদ্ধ লোকজনক ধন্যবাদ জনাই যাবলৈ ওলাই যদিও বৃদ্ধ লোকজনে কৈছিল ,” সকলো সময়তে এটি কথা মনত ৰাখিবা , যদি কোনো কামৰ কিবা নিশ্চিত উদ্দেশ্য আছে তেন্তে সেই কামত অলসতা আৰু এলাহ কেতিয়াও নাহে ” , আৰু হাঁহিমুখে বৃদ্ধলোকজনে লাখুটি হাতত লৈ নিজৰ জুপুৰীৰ ফালে ধাৱমান হয়।

Exit mobile version