Site icon Guwahati Times

এই ৫টা লক্ষণ আপোনাৰ মাজত থাকিলে আপুনি নিশ্চয় বুদ্ধিমান !

আপোনাৰ পৰীক্ষাৰ নম্বৰে আপোনাৰ ভাগ্য নিৰ্ণয় নকৰে। আৰু ই আপোনাৰ ভৱিষ্যত কেনেকুৱা হ’ব সেইটো নিৰ্ণয় নকৰে। আপুনি কিমান স্মাৰ্ট সেইটো কেতিয়াও স্কুল কলেজত পোৱা ফলাফলৰ দ্বাৰা জুখিব নোৱাৰি। কিন্তু আজিকালি আমাৰ সমাজত এজন ব্যক্তিৰ বুদ্ধি কেৱল পৰীক্ষাৰ নম্বৰৰ দ্বাৰাহে বিচাৰ কৰা হয়।

যিজনে অধিক শিক্ষিত হয় তেওঁক অধিক বুদ্ধিমান বুলি গণ্য কৰা হয়। এইটো সঁচা নহয় যে যদি ফলাফল ভাল হয় তেওঁ অতি বুদ্ধিমান আৰু যদি ফলাফল বেয়া হয় তেন্তে তেওঁ বুদ্ধিমান নহয়। তেওঁলোকে কৰা বহুতো কাম আছে যিয়ে দেখুৱাইছে যে তেওঁলোক প্ৰকৃততে কিমান বুদ্ধিমান। আহক জানি লওঁ সেই ৫টা লক্ষণ কি –

১) এলাহ- বুদ্ধিমান মানুহে সদায় নিজৰ বুদ্ধি ব্যৱহাৰ কৰি জীৱনত আগুৱাই যাব বিচাৰে। শাৰীৰিক শক্তি বেছিকৈ ব্যৱহাৰ কৰিব নিবিচাৰে। গতিকে স্বাভাৱিকতে তেওঁলোক এলেহুৱা।

২) ৰাতি সাৰ পোৱাৰ অভ্যাস – বুদ্ধিমান মানুহৰ মগজু সদায় কিবা এটা কৰিবলৈ আগ্ৰহী হৈ থাকে। ৰাতি ইণ্টাৰনেটত নতুন কিবা এটা চাই বা নতুন কিবা এটা পঢ়ি সময় কটায়। ৰাতি সাৰ পাই কিতাপ পঢ়ি ভাল পায়। বিশ্বৰ বৃহৎ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে সকলোৰে এই অভ্যাস আছে।

৩) অতিমাত্ৰা চিন্তা-চৰ্চা – এটা অধ্যয়নত দেখা গৈছে যে অধিক বুদ্ধিমান মানুহে সকলো কথা অতিমাত্ৰা চিন্তা কৰাৰ প্ৰৱণতা থাকে। কাৰণ মগজু অতি সক্ৰিয় হৈ থাকে। আনতকৈ বৌদ্ধিকভাৱে আগবাঢ়ি থাকে।

৪) ভ্ৰমণৰ প্ৰতি আগ্ৰহী – সমগ্ৰ পৃথিৱীখন অন্বেষণ কৰাৰ বাবে তেওঁলোকৰ বৰ হেঁপাহ থাকে। সেয়ে সময় পালে বাহিৰলৈ ওলাই যায়। পাহাৰৰ প্ৰতি বৰ আকৰ্ষিত। এনে এজন ব্যক্তিক দেখিলে তেতিয়া বুজিব যে সেই ব্যক্তিজন বৰ বুদ্ধিমান।

 

Exit mobile version