24.3 C
Assam
Friday, September 30, 2022

Featured News

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

Appointment letters distributed in BTR

A total of 146 persons were appointed...

Young Indians Guwahati Chapter observes Climate Action Week

 Young Indians, the youth wing of the...

নগাঁৱত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন,কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Assamese Newsনগাঁৱত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন,কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট:–অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতি আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয় । নগাঁও জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীয়ূষ হাজৰীকাই যুৱ সমাজক সঠিক দিশেৰে আগবাঢ়ি নিজৰ লগতে জাতি আৰু দেশৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। বৰ্তমান আমাৰ দেশৰ অধিকাংশ নাগৰিকেই যুৱ প্ৰজন্মৰ বুলি উল্লেখ কৰি মন্ত্ৰী পীয়ূষ হাজৰীকাই কয় যে এনে যুৱ শক্তিৰে বিশ্বৰ উদ্ভাৱনী ক্ষেত্ৰখনত বিশেষ ভূমিকা ল’ব পৰাকৈ আমি সক্ষম ।

স্বামী বিবেকানন্দৰ উদ্ধৃতিৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই কয় যে যুৱ শক্তিয়ে সমস্যাৰ সমাধান সদায় সিংহৰ দৰে কৰিব পাৰে । দেশৰ খেল,সংগীত আদিৰ ক্ষেত্ৰত যুৱ সমাজে সফলতাৰে ভূমিকা গ্ৰহণ কৰি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে যুৱসমাজক নিচাজাতীয় সামগ্ৰী,ড্ৰাগচ আদিৰ পৰা আঁতৰত থাকি নিজৰ উদ্ভাৱনী শক্তিক সৃষ্টিশীল কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক সমাজৰ বহুখিনি কৰণীয় আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ল’ৰা-ছোৱালী ড্ৰাগচআসক্ত হ’লে অথবা ভালদৰে সমাজত প্ৰতিস্থিত হ’ব নোৱাৰিলে মাক-দেউতাকে কেতিয়াও শান্তি নাপায় বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে ড্ৰাগচৰ বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া অনাগত সময়তো অব্যাহত থাকিব । অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই “আন্তঃপ্ৰজন্ম সংহতি সকলো বয়সৰ লোকৰ বাবে এখন বিশ্ব গঢ়ি তোলা” মূলমন্ত্ৰৰে অনুষ্ঠিত এই কাৰ্যসূচীত “HIVৰ বিষয়ে জানক স্বেচ্ছামূলক ৰক্তদান কৰক” অভিযান আৰু HIV (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন ২০১৭ৰ অধীনত অভিযোগ নিস্পত্তিকৰণ ব্যৱস্থাৰ শুভাৰম্ভ কৰে । আজিৰ যুৱ দিৱসৰ অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডা: মনোজ কুমাৰ চৌধুৰী,অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমি বৰুৱা,জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্ত তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পূৰ্বতে আয়োজন কৰা বেনাৰ,তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰাৰ লগতে চলিত বৰ্ষত বিজ্ঞান শাখাত তৃতীয় স্থানপ্ৰাপ্ত সুৰজিৎ সূত্ৰধৰ আৰু বাণিজ্য শাখাত অষ্টম স্থানপ্ৰাপ্ত চিমৰণ চুৰাণাক সম্বৰ্ধনা জনোৱা হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: