23.3 C
Assam
Friday, October 7, 2022

Featured News

ইণ্টাৰনেট কৰ্তনক লৈ হাই ক’ৰ্টত গোচৰ

Assamese Newsইণ্টাৰনেট কৰ্তনক লৈ হাই ক'ৰ্টত গোচৰ

ৰাজ্য চৰকাৰৰ শেহতীয়া নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা হৈছে গোচৰ। ৰাজু প্ৰসাদ শৰ্মা নামৰ এজন ব্যক্তিয়ে লিখিত পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তনৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পিক প্ৰত্যাহ্বান জনাই লেখ আবেদন দাখিল কৰিছে। আজি উচ্চ ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্রহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা ২১ আগষ্টত চতুৰ্থবৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই পৰীক্ষাৰ সময়ছোৱাত যাতে প্রশ্নকাকত ফাদিল হ’ব নোৱাৰে, তাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা হৈছিল। পুৱা ৯ বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে প্রায় ২৪খন জিলাত ইণ্টাৰনেট কৰ্তন কৰা হৈছে। একেদৰে অহা ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া তৃতীয়বৰ্গৰ লিখিত পৰীক্ষাৰ সময়তো ইণ্টাৰনেট কৰ্তন কৰা হ’ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। সেই দিনা পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দুটা ভাগত পৰীক্ষা অনুষ্ঠিত হ’ব। এই সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহত ইণ্টাৰনেট সেৱা কৰ্তন কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই ৰাজু প্ৰসাদ শৰ্মাই লেখ আবেদনখন দাখিল কৰিছে।

দ্য ইণ্টাৰনেট ফ্রীডম ফাউণ্ডেচন নামৰ সংস্থাটোৱে মঙলবাৰে এক টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই আবেদনখন দাখিল কৰাৰ ক্ষেত্ৰত ৰাজুপ্ৰসাদ শৰ্মাক তেওঁলোকে সহায় কৰিছে। টুইটত ইণ্টাৰনেট ফ্রীডম ফাউণ্ডেচনে কয়— ‘২১ আৰু ২৮ আগষ্টত ইণ্টাৰনেট কৰ্তনৰ বাবে ৰাজ্য চৰকাৰে দিয়া নির্দেশনাত প্রত্যাহ্বান জনাই গুৱাহাটী হাই ক’টত লেখ আবেদন দাখিল কৰা কামৰূপৰ সমাজকৰ্মী ৰাজুপ্ৰসাদ শৰ্মাক আমি সহায় আগবঢ়াইছোঁ। পৰীক্ষাত অনিয়ম ৰোধ কৰাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে।’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: