Site icon Guwahati Times

প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত আইআইটি স্থাপনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰ‌ই

এইবাৰ ভাৰতৰ মাটিত নহয় বিদেশৰ ভূমিত আইআইটি স্থাপনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই । আইআইটি মাদ্ৰাজ কৰ্তৃপক্ষই আফ্ৰিকা মহাদেশত এটা কেম্পাছ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তাঞ্জানিয়াৰ অৰ্ধ-স্বায়ত্তশাসিত অঞ্চল জাঞ্জিবাৰত চৌহদটো মুকলি কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, নতুন আইআইটি চৌহদটো পূব আফ্ৰিকাৰ উপকূলত নিৰ্মাণ কৰা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শেহতীয়াকৈ তাঞ্জানিয়া ভ্ৰমণ কৰিছিল।

বুধবাৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি হুছেইন আলী মিনৱীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, “দেশৰ বাহিৰত প্ৰথমবাৰৰ বাবে আইআইটি চৌহদ স্থাপন কৰা হৈছে।”

Exit mobile version