Site icon Guwahati Times

কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ

কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু হোৱা ঘটনাই প্ৰভাৱ পেলাইছে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত ৷ কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ ৷ শেহতীয়া পৰিঘটনাৰ প্ৰেক্ষাপটত “সজাগ হৈ থাকিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ” সামাজিক মাধ্যমযোগে আহ্বান জনাইছে দেশখনৰ কৰ্তৃপক্ষই ৷

আনহাতে, বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) জাৰি কৰা এক বিবৃতিত যোগে কানাডাৰ ভাৰতীয় নাগৰিক আৰু কানাডাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ভাৰত বিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱা অঞ্চল আৰু সম্ভাৱ্য স্থানসমূহলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।”কানাডাত থকা ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলে অট’ৱাত থকা ভাৰতীয় উচ্চ আয়োগ বা কনছুলেট জেনেৰেলত পঞ্জীয়ন কৰিব লাগিব টৰন্টো আৰু ভেংকুৱাৰত ভাৰতৰ নিজ নিজ ৱেবছাইট বা MADAD পৰ্টেল madad.gov.in ৰ জৰিয়তে।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, পঞ্জীয়নে উচ্চ আয়োগ আৰু কনছুলেট জেনেৰেলসমূহক কানাডাত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে কোনো ধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত ভালদৰে সংযোগ স্থাপন কৰিবলৈ সক্ষম কৰিব ৷ ভাৰতৰ উচ্চ আয়োগ আৰু কনছুলেট জেনেৰেলে কানাডাত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰিবলৈ কানাডা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব ।উল্লেখ্য যে, যোৱা 18 জুনৰ দিনা ব্ৰিটিছ কলম্বিয়াত কানাডাত খালিস্তান সমৰ্থক, সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ (45) ক গুৰুদ্বাৰৰ সমুখত হত্যা কৰা হয় ৷ এই হত্যাকাণ্ডৰ সৈতে ভাৰতীয় এজেণ্ট জড়িত থকাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰাৰ ভাৰত আৰু কানাডাৰ মাজত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। ভাৰতে 2020 চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰিছিল ।

Exit mobile version