Site icon Guwahati Times

আমেৰিকাত PK! উলংগ হৈ ৰাস্তাত খোজ কাঢ়ি থকা লোকজনে পুলিচক ক’লে – মই বেলেগ পৃথিৱীৰ পৰা আহিছোঁ…

বলীউডৰ ছবি ‘পি কে’ অহাৰ ৮ বছৰতকৈও অধিক হ’ল, কিন্তু আজিও এই ছবিখনৰ বহু দৃশ্যই আমাক হাঁহিবলৈ বাধ্য কৰে। এই ছবিখনত আমিৰ খানে নিজকে “আন এখন পৃথিৱী”ৰ বুলি দাবী কৰা এজন মানুহৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত এই কথাও কোৱা হৈছে যে তেওঁ যি ঠাইৰ পৰা আহিছে সেই মাটিৰ মানুহে কাপোৰ-কানিও নিপিন্ধে। এতিয়া যদি আমি আপোনাক কওঁ যে আমেৰিকাৰ ফ্ল’ৰিডাতো একেধৰণৰ “বাস্তৱ জীৱনৰ পি কে” দেখা গৈছে, তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব?

দৰাচলতে এই সপ্তাহৰ আৰম্ভণিতে আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। ইয়াত এজন লোকক কাপোৰ নোহোৱাকৈ ৰাস্তাত উলংগ হৈ খোজ কাঢ়ি থকা দেখা গ’ল। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে এই ব্যক্তিজনক সেই স্থানৰ পৰাই গ্ৰেপ্তাৰ কৰে যদিও এই ব্যক্তিজনে আন এখন পৃথিৱীৰ পৰা অহা বুলি দাবী কৰা বুলি গম পাই আচৰিত হয়।

ঘটনাৰ পিছতে অভিযুক্তক পাম বিচ থানালৈ অনা হয়। প্ৰথম অৱস্থাত তেওঁ নিজৰ নাম আৰু জন্ম তাৰিখ আৰক্ষীক জনাবলৈ অস্বীকাৰ কৰিছিল। তেওঁ লগতে দাবী কৰে যে তেওঁৰ হাতত আমেৰিকান আইডি কাৰ্ডো নাই। ইয়াৰ পিছত তেওঁ জেছন স্মিথ বুলি নিজৰ নাম প্ৰকাশ কৰি আৰক্ষীক কয় যে তেওঁ বেলেগ এখন পৃথিৱীত বাস কৰে। কিন্তু আৰক্ষীয়ে তেওঁক আৰু সোধা-পোছা কৰাত তেওঁ সঁচা কথা কয় যে তেওঁ ৱেষ্ট পাম বিচ (ফ্ল’ৰিডা)ত থাকে। ইতিমধ্যে আৰক্ষীয়ে ৪৪ বছৰীয়া জেছন স্মিথৰ বিৰুদ্ধে তিনিটা অপৰাধমূলক শাখাত গোচৰ ৰুজু কৰিছে।

Exit mobile version