Guwahati Times

গুৱাহাটী : আৰক্ষীৰ গুলীচালনাত ভৰিত গুলী লগা কুখ্যাত ইৰাণী গোটৰ সদস্য

মঙ্গলবাৰে সন্ধিয়া মালিগাঁৱৰ গোশালাৰ এজন ব্যৱসায়ীৰ পৰা ধনৰ বেগ কাঢ়িবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে আটক কৰা কুখ্যাত ইৰাণী গোটৰ সদস্য চিলনী চোৰ বান্তি গোৱালাই বুধবাৰে আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত হয়।  আৰক্ষীৰ গুলীত আহত হোৱা কুখ্যাত দুৰ্বৃত্তটো বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, মঙ্গলবাৰে চিলনী চোৰটোক আটক কৰাৰ পিছত সহযোগীসকলৰ সন্ধান বিচাৰি বুধবাৰে নিশা আৰক্ষীয়ে তেতেলীয়ালৈ লৈ গৈছিল চোৰটোক। কিন্তু সেই সময়তে আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ অপচেষ্টা চলোৱাত উপায়ন্তৰ হৈ আৰক্ষীৰ দলটোৱে গুলী চালনাত কৰে আৰু দুৰ্বৃত্তটোৰ ভৰিত গুলী লাগে । বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে বান্তি নামৰ দুৰ্বৃত্তটো।

Exit mobile version