১১৩৯ কোটি টকা মূল্য ধাৰ্যৰে কাছাৰ-নগাওঁ কাগজ কল বিক্ৰীৰ চূড়ান্ত সিদ্ধান্ত ? ১৫ জুনত হ’ব নিবিদা

1 min read

বিজেপি চৰকাৰে কৰিলে চৰম বিশ্বাসঘাতকতা। বিজেপিৰ যোৱাটো কাৰ্যকালৰ সময়ত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ দীৰ্ঘকাল জুৰি বন্ধ হৈ থকা কলটোৰ কৰ্মচাৰীসকলক প্ৰতিশ্ৰুতি দিছিল তিনি মাহৰ ভিতৰতে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ চলোৱা হ’ব । ইয়াৰোপৰি, তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো এই বিষয়ত নিশ্চুপ হৈ আছিল ৷

Paper mill

উল্লেখ্য যে, এইসকল মন্ত্ৰীৰ জ্ঞাতসাৰেই কেন্দ্ৰীয় চৰকাৰে দুয়োটা কাগজ কল নিলাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত এল’য় এণ্ড মেটেল প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে লোৱা পদক্ষেপৰ পাছত নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলৰ দিল্লী বেন্সে এই প্ৰস্তাৱ নাকচ কৰি দুয়োটা কলৰ ১৪০০ কৰ্মচাৰীক আশাৰ বতৰা দিছিল ৷ কিন্তু শেহতীয়াকৈ পুনৰ এই নিৰ্দেশনাক অমান্য কৰি কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটাৰ নিলামৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৪০০ পৰিয়ালৰ প্ৰায় ৩ হাজাৰ লোকৰ ভৱিষ্যৎ ধ্বংস হৈ যোৱাৰ কথাকো আওকাণ কৰি পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি পাহৰিলে চৰকাৰে ৷ চৰকাৰে নিলামৰ বাবে দুয়োটা কাগজ কলৰ সৰ্বনিম্ন মূল্য ১১৩৯ কোটি টকা ধাৰ্য কৰিছে ৷ কেৱল সেয়াই নহয়, অহা ১৫ জুনৰ ভিতৰত ইয়াৰ বাবে ইচ্ছুক ব্যক্তিক নিবিদা প্ৰদান কৰিবলৈও জাননী জাৰি কৰিছে।

Paper mill

এফালে ক’ভিড মহামাৰীত ভাৰাক্ৰান্ত জনতা ৷ তাৰ মাজতো দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া বাণিজ্য/উদ্যোগ খণ্ডৰে মুৰ তুলিবলৈ আৰম্ভ কৰিছে অসমৰ জনতাই ৷ ইয়াৰ বিপৰীতে, দীৰ্ঘকাল বন্ধ হৈ থকা এই কাগজ কল দুটাৰ দৰমহা বিহীন কৰ্মচাৰীসকলক প্ৰাণে মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী-দিছপুৰৰ চৰকাৰে ৷

You May Also Like

More From Author