Site icon Guwahati Times

কেন্দ্রীয় জাকাত সংগ্ৰহ আৰু বিতৰণ সমিতিৰ উদ্যোগত বানপীড়িত অঞ্চলৰ কাষত থিয় হৈ আৰ্থিক সাহার্য- সামগ্রী বিতৰণ কাৰ্যসূচী ৰূপায়ণ

জাকাতৰ ধন উপযুক্ত ব্যক্তিৰ হাতত তুলি দিয়া, শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সামগ্ৰী কিনি দিয়া, স্বাৱলম্বী হবৰ বাবে আই.টি.আই. লেবৰেটৰী টেকনিচিয়ান, কম্পিউটাৰ প্ৰশিক্ষণ দিয়া, নাৰ্চিং প্রশিক্ষণ দিয়া, ব্যৱসায়ৰ সামগ্রী কিনি দিয়া, আর্থিক অনুদান (পেঞ্চন) দিয়া,গৃহ মেৰামতি কৰি দিয়া, আদি বিভিন্ন কৰ্মৰ মাজৰ পৰা দৰিদ্ৰতা নিম্ন প্রচেষ্টা হাতত লোৱা আদি কাৰ্যসূচী ৰূপায়নৰ লক্ষ্য আৰু বায়তুল মালৰ উদ্দেশ্যে আৰ্তনাদ লোকৰ কাষত বিগত বৰ্ষৰ দ্বিতীয় বাৰৰ বাবে আজি শিৱসাগৰ আমগুৰি জনপ্ৰতিনিধিৰ সমষ্টিৰ অন্তৰ্গত ভিতৰুৱা বানপীড়িত এশ এবুৰি সমস্যাৰে জৰ্জৰিত অতিকৈ পিছপৰা দৰিদ্ৰ চিন্তামণি গড় অঞ্চলৰ লগতে নগৰৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক ভাৱে দুৰ্বল লোকক কেন্দ্ৰীয় জাকাত সংগ্ৰহ আৰু বিতৰণ সমিতিৰ উদ্যেগত দ্বিতীয়কালীন অনুদানৰ সাহাৰ্য আগবঢ়ায়। উক্ত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বিগত বৰ্ষসমুহৰ দৰে এইবাৰো সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থিক ভাৱে দুৰ্বল লোকক আৰ্থিক অনুদান,সামগ্ৰী আগবঢ়োৱা কাৰ্য ক্ষেত্ৰত সাহাৰ্য লাভ কৰা উক্ত অঞ্চল সমুহৰ লগতে বহু সচেতন মানৱদৰদী লোকেও এনে প্ৰশংসনীয় পদক্ষেপক শলাগ লয়।

আমগুৰি পৰা ৰেৱত দত্ত ৷

Exit mobile version