31.2 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

জনতা ভৱনত উত্তপ্ত পৰিস্থিতিঃ পৰিবহণ বিভাগৰ শাৰীৰিকভাৱে সক্ষম কৰ্মচাৰীক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

Assamese Newsজনতা ভৱনত উত্তপ্ত পৰিস্থিতিঃ পৰিবহণ বিভাগৰ শাৰীৰিকভাৱে সক্ষম কৰ্মচাৰীক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

বুধবাৰে বিয়লি জনতা ভৱনত এগৰাকী বিধায়কে বিশেষভাৱে সক্ষম এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। চিদলী সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে বিয়লি প্ৰায় ৩.৩০ বজাত জনতা ভৱনৰ ‘ডি’ ব্লকত থকা পৰিবহণ বিভাগৰ সচিব আদিল খানক লগ কৰিবলৈ আহে। সেই সময়ত পৰিবহণ বিভাগৰ সচিব তথা পৰিবহণ আয়ুক্ত আদিল খানৰ লগত সংলগ্ন হৈ থকা পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী নিম্নবৰ্গৰ সহায়ক বিভূতি ভট্টাচার্যই বিধায়কগৰাকীক এখন শিল্প আগবঢ়াই নামটো লিখি দিবলৈ কয়। লগে লগে বিধায়ক বসুমতাৰী অগ্নিশৰ্মা হৈ পৰে আৰু তৰ্জন-গৰ্জন কৰি হঠাতে নিম্নবৰ্গৰ সহায়ক বিশেষভাৱে সক্ষম ভট্টাচাৰ্যক পূর্ণ কাণতলীয়া চৰ এটা শোধায়। এই ঘটনাৰ পাছতেই জনতা ভৱন উত্তপ্ত হৈ পৰে আৰু সচিবালয়ৰ কৰ্মচাৰীসকলে দোষী বিধায়কজনক শাস্তিৰ দাবীত কিছু সময় জনতা ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম কৰ্মচাৰী পৰিষদ, অসম সচিবালয় সেৱা সন্থাই বিধায়ক বসুমতাৰীয়ে এগৰাকী চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়তে চৰ শোধোৱা কাৰ্যক ধিক্কাৰ দিয়ে। এই সন্দৰ্ভত কৰ্মচাৰী পৰিষদৰ লগতে সচিবালয় সেৱা সন্থাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু পৰিবহণ বিভাগৰ সচিব আদিল খানৰ হস্তক্ষেপ বিচাৰিছে। তেওঁলোকৰ স্পষ্ট দাবী- জনতা ভৱনৰ ভিতৰতে এগৰাকী চৰকাৰী কৰ্মচাৰীক কোনো কাৰণ নোহোৱাকৈ শাৰীৰিকভাৱে অপদস্থ কৰিছে৷ তাকো এগৰাকী শাৰীৰিকভাৱে সক্ষম কৰ্মচাৰীৰ গাত হাত দিছে। সেয়ে চৰকাৰে বিধায়কগৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব লাগে। বিষয়তো সংক্রান্তত অসম সচিবালয় সেৱা সন্থাই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো লিখিতভাৱে অৱগত কৰি বিধায়কজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাব বুলি প্ৰকাশ কৰিছে৷ ইপিনে ঘটনা সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক বসুমতাৰীয়ে কয় যে তেওঁ নিজকে বিধায়ক বুলি পৰিচয় দিয়াৰ পাছতো উক্ত কৰ্মচাৰীজনে তেওঁক পৰিবহণ সচিবৰ চেম্বাৰত প্ৰৱেশৰ বাবে শিল্প দিবলৈ বাৰে বাৰে হেঁচা প্রয়োগ কৰে। এটা সময়ত তেওঁৰ পিএজনৰ লগতো একেটা বিষয়ক লৈ কৰ্মচাৰীজন বাকযুদ্ধত লিপ্ত হয়। এনে পৰিস্থিতিত তেওঁ কৰ্মচাৰীজনক হাতত ধৰি ঠেলিহে দিছিল। সেই ঘটনাটোকে ডাঙৰকৈ সজোৱা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: