বলিউডৰ অনাগত চলচ্চিত্ৰ ‘জনহিত মে জাৰি’ ৰ টিজাৰ মুকলি হোৱাৰ পিছতেই অনুৰাগীসকলে এই ছবিখনৰ ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছিল। অনুৰাগী সকলৰ অপেক্ষাৰ অন্ত পেলাই শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰে।
ট্ৰেইলাৰ অনুসৰি জনপ্ৰিয় অভিনেত্ৰী নুসৰত ভাৰুচাক এই ছবিখনত এগৰাকী কণ্ডম বিক্ৰেতা হিচাপে সমাজৰ সৈতে যুঁজ দিয়া দেখিবলৈ পোৱা গৈছে। নুসৰতৰ উপৰিও ট্ৰেইলাৰটোত পাভেল গুলাটি, অন্নু কাপুৰ, অনুদ ঢাকা আৰু পৰিতোষ ত্ৰিপাঠীকো দেখা গৈছে।
সাধাৰণতে মানুহে এজনী ছোৱালীয়ে ৰাজহুৱাভাৱে কণ্ডম বিক্ৰী কৰা ঘটনাক খুব সহজ ভাৱে নলয় আৰু ইয়াকে লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে। ট্ৰেইলাৰটোৱে দেখুৱাইছে যে নুসৰতে সামাজিক অসুবিধাৰ বাবে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয়।ৰাজহুৱা স্বাৰ্থত নিৰ্মিত এই ছবিখন ১০ জুনত মুক্তি লাভ কৰিব। ছবিখন বিনোদ ভানুশালী আৰু ৰাজ শাণ্ডিল্যৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে।

