৩ জুলাইত JEE এডভান্সড প্রৱেশ পৰীক্ষা

0 min read

কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পখৰিয়ালে আজি ঘোষণা কৰিছে যে আইআইটিত নামভর্তিৰ বাবে ২০২১ৰ জেইই এডভান্সড প্রৱেশ পৰীক্ষা ৩ জুলাইত অনুষ্ঠিত কৰা হ’ব৷ আইআইটি খৰগপুৰে জেইই এডভান্সড ২০২১ প্রৱেশ পৰীক্ষা আয়োজন কৰিব৷ এই প্রৱেশ পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া সকলো শিক্ষার্থীকে শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষামন্ত্রীগৰাকীয়ে৷

জেইই এডভান্সড ২০২১ প্রৱেশ পৰীক্ষাৰ বাবে সকলো শিক্ষার্থীকে প্রস্তুত হোৱাৰ বাবে আহ্বানো জনাইছে শিক্ষামন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে দ্বাদশ শ্রেণীৰ ব’ড পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰিলেহে জেইই এডভান্সড প্রৱেশ পৰীক্ষাত অৱতীর্ণ হোৱাৰ যি চর্ত আছিল, চলিত বর্ষত তাৰ পৰা শিক্ষার্থীসকলক ৰেহাই দিয়া হৈছে৷ কালি মন্ত্রীগৰাকীয়ে ছ’চিয়েল মিডিয়া টুইটাৰযোগে আইআইটিত নামভর্তিৰ ক্ষেত্রত প্রয়োজনীয় অর্হতা আৰু জেইই এডভান্সড প্রৱেশ পৰীক্ষাৰ তাৰিখ সন্দর্ভত সন্ধিয়া ঘোষণা কৰিব বুলি উল্লেখ কৰিছিল৷

ইফালে, জেইই মূল পৰীক্ষাৰ অনলাইন আবেদন প্রক্রিয়া ১৬ ডিচেম্বৰত আৰম্ভ হৈছিল৷ ১৬ জানুৱাৰীলৈ এই প্রক্রিয়া চলি থাকিব৷

You May Also Like

More From Author