Site icon Guwahati Times

বটদ্ৰৱা কাণ্ডৰ সৈতে জেহাদীও জড়িত হব পাৰে,আমি তদন্ত কৰিম পুংখানুপুংখভাৱে: জি পি সিং

বটদ্ৰৱাত উপস্থিত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিং। নগাঁও আৰক্ষী অধীক্ষকৰ পৰা ঘটনাৰ বুজ ল’লে জি পি সিঙে।দুৰ্বৃত্তই জ্বলাই দিয়া থানা খনো পৰিদৰ্শন কৰে জি পি সিঙে। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিঙে।বটদ্ৰৱাত জি পি সিঙে কয়- ’বটদ্ৰৱা কাণ্ডৰ সৈতে জেহাদীও জড়িত হ’ব পাৰে। আমি তদন্ত কৰিম পুংখানুপুংখভাৱে৷’

বটদ্ৰৱা কাণ্ডৰ সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰাৰ কথা সদৰি কৰে। লগতে ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব এছ আই টিয়ে।আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৪-১৫ জন লোকক আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰু লগতে আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যুৰ ঘটনাৰো নিৰপেক্ষ তদন্ত কৰা হ’ব বুলি বিষয়া গৰাকীয়ে সদৰি কৰে।৬০ দিনৰ ভিতৰত গোচৰৰ অভিযোগনামা দিয়াৰ অংগীকাৰ কৰে জি পি সিঙে।

Exit mobile version