আইআইএম শ্বিলঙত চাকৰি; আবেদনৰ অন্তিম তাৰিখ ২২ মার্চ

1 min read

MeghalayaৰNongthymmai-স্থিত Indian Institute of Management Shillongত খালী হৈছেSite Engineer (Civil)ৰ ১টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিIIM ShillongৰChief Administrative Officer (I/c)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷Site Engineer (Civil) পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়/শিক্ষানুষ্ঠানৰ পৰাCivil Engineering বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেCPWD/State PWD খণ্ডৰ পৰাExecutive Engineer হিচাপে অৱসৰ লোৱাৰ লগতেPlanning, Implementation, Supervision, Building Construction, Land Development, Project Management বিভাগত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ প্রার্থী দুবছৰীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব৷ নিযুক্তিপ্রাপ্তই মাহে ৯০,০০০ টকা লাভ কৰিব৷ বয়স সর্বোচ্চ ৬৪ বছৰ৷ আবেদন মাচুল হিচাপে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে ৪০০ টকা আৰু এছচি, এছটি আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ২০০ টকা অনলাইন মাধ্যমেৰে আইআইএম শ্বিলঙৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল মহিলা আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.iimshillong.ac.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২২ মার্চ, ২০২১৷

source – niyomiyabarta

You May Also Like

More From Author