Guwahati Times

জোনাইত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জনজাতি মেলা

ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ৰয়েল ৰাইড্ৰাছৰ সহযোগত জোনাইত পোণ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত জনজাতি সকলৰ মেলা জোনাই শিশু উদ্যানত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত জনজাতি মেলা৷ জনজাতি মেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ মুখ্যধাৰ উদ্ধোধন কৰে অসম চৰকাৰৰ অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ পৰিচালন সঞ্চালক যাদৱ পেগুৱে ৷

ইয়াৰ পিছতে বৃষৰোপণ কৰি প্ৰৰ্দষণীমূলক দোকানৰ উদ্ধোধন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে৷ উক্ত অনুষ্ঠানত মিচিং, হজং লোক নৃত্য মূখৰিত কৰে জোনাই আৰু ডিফু ৰাম বড়োৰ নিজা হাতে নিৰ্মিত বাদ্যযন্ত্ৰৰে বজাই প্ৰৰ্দষণ কৰে৷ সন্ধিয়া ৪.০০ বজাত জনজাতি সকলৰ বাদ্যযন্ত্ৰৰ মেলা উদ্ধোধন কৰে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ সদস্য হেমন্ত দেউৰীয়ে৷ স্থানীয় মিচিং সোনোৱাল কছাৰী, দেউৰী, হাজং আৰু বড়ো বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ , সাজপাৰ, বাদ্যযন্ত্ৰ প্ৰৰ্দষণীমূলক মেলাৰ লগতে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে জোনাই মহকুমা দণ্ডাধীশ প্ৰিতম কুমাৰ দাস, আয়োজক কমিটিৰ সভাপতি ডাঃ জ্যোতিষ দলে ,সম্পাদক জয়ন্ত টায়ে লগতে ৰয়েল ৰাইড্ৰাছৰ সদস্যকলে ৷জনজাতি মেলাৰ সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় মিউজিক বেণ্ড “গমোগ অ:পে”৷

Exit mobile version