Site icon Guwahati Times

মণিপুৰৰ মুৱাই থাই প্ৰতিযোগিতাত উজলিল তিতাবৰৰ প্ৰিয়ংকা

ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ সন্তান । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে যোৰহাট জিলাৰ এগৰাকী যুৱতীয়ে । তিতাবৰৰ বৰহোলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰিয়ংকা সোণোৱালে এইবাৰ ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি আঁজুৰি আনিলে সোণৰ পদক।

প্ৰিয়ংকাই মণিপুৰৰ ইম্ফলত ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাৰ ৪২ কিলোগ্ৰাম শাখাত দেশৰ কেইবাগৰাকী আগশাৰীৰ প্ৰতিযোগীক পৰাভূত কৰি লাভ কৰিছে এই সফলতা । বুধবাৰে অঞ্চলবাসীয়ে প্ৰিয়ংকাক উষ্ম আদৰণি জনাই গাঁৱৰ মাজেৰে বাহিৰ কৰে এক বিজয় সমদল । অতি সম্ভাৱনাপূৰ্ণ খেলুৱৈ গৰাকীয়ে চৰকাৰৰ সহায় সহযোগিতা লাভ কৰিলে আৰু অধিক সফলতা লাভ কৰি দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াব বুলি গাঁওবাসীয়ে আশা প্ৰকাশ কৰিছে ।
Exit mobile version