কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়াক লৈ খৰ্গহস্ত হৈ এচাম লোকে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই জুৰীয়া শিয়াল মাৰিত এটি কাৰ্য্যালয় স্থাপন কৰে ৷ উক্ত নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ সন্মুখতে কংগ্ৰেছ দলেও এটি কাৰ্য্যালয় স্থাপন কৰে ৷ যোৱা নিশা এই কংগ্ৰেছ কাৰ্য্যালয়তে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ উপস্থিতিতে এচাম লোকে নুৰুল হুদা গৈ বেক , চাউল চোৰ গৈ বেক ধ্বনি দি পৰিস্থিতি উতপ্ত কৰি তোলে ৷ এই তথ্য লাভ কৰি জুৰীয়াৰ নিউজ লাইভৰ সাংবাদিক আবু আনছাৰি , নিউজ 18 ৰ সাংবাদিক মুজ্জামিল হক আৰু প্ৰতিদিন টাইমৰ সাংবাদিক বাবুল শইকীয়া তাত উপস্থিত হয় ৷ সাংবাদিক কেইজনে সভাত হোৱা পৰিস্থিতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰাৰ সময়তে এচাম কংগ্ৰেছী গুন্দা বাহিনীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় তেওঁলোকক ৷ চোচৰাই টানি নিয়াৰো চেষ্টা কৰে সাংবাদিক সকলক ৷ তাৰ মাজতে সুৰুঙা লৈ পলাই আহিবলৈ সক্ষম হয় সাংবাদিক কেইজন ৷ চামগুৰিত গুন্দামীৰে ৰকিবুল হুছেইনৰ চামচা গিৰি কৰি ৰূপহী হাটত টিকট লাভ কৰি নুৰুল হুদাই এতিয়া ৰূপহীহাটতো আৰম্ভ কৰিব বিচাৰিছে তেওঁৰ সেই কৰ্ম সুচী ৷ পঞ্চায়ত নিৰ্বাচনতেই এনেদৰে গুন্দামী আৰম্ভ কৰা বিধায়ক নুৰুল হুদা বাহিনীয়ে অনাগত নিৰ্বাচনত আৰু কি নকৰিব তাক লৈ চিন্তিত হৈ পৰিছে সকলো ৷ এই ঘটনাক লৈ জুৰীয়া প্ৰেছ ক্লাৱে জুৰীয়া থানাত এক গোচৰ তৰিছে ৷
জুৰীয়াৰ পৰা পদুম ভূঞাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

