Site icon Guwahati Times

গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৫ বছৰৰ সাংবাদিকক প্ৰদান কৰা হব ক’ভিড-১৯ৰ ভেকচিন

 

কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰৰ সাংবাদিকক প্ৰতিকীৰূপে দিয়া হ’ব ভেকচিন। পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হ’ব এই ভেকচিনেচন কেম্প।

অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ১০০ জন সাংবাদিকেহে প্ৰাৰম্ভিক পৰ্য্যায়ত ল’ব পাৰিব ভেকচিন। বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক,ফটো সাংবাদিক,ভিডিঅ’ জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হ’ব।

সেয়েহে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰতিটো সংবাদ প্ৰতিষ্ঠানলৈ অনুৰোধ যে প্ৰতিটো সংবাদ মাধ্যমৰ মাত্ৰ দুজন সাংবাদিকক তেওঁলোকে নিৰ্বাচিত কৰি প্ৰাৰম্ভিক পৰ্যায়ৰ ভেকচিন লোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। ভেকচিনৰ বাবে নিৰ্বাচিত প্ৰতিজন সাংবাদিকে co-win ,আৰোগ্য সেতু এপত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। পঞ্জীয়নৰ নাম্বাৰটো গুৱাহাটী প্ৰেছ ক্লাবৰ ৬০২৬৬৭২৮১৭ নাম্বাৰলৈ প্ৰেৰণ কৰিব লাগিব।

ভেকচিন লোৱাৰ বাবে সাংবাদিকে পৰিচয় পত্ৰ,বয়সৰ প্ৰমাণ পত্ৰ লৈ অহাটো বাধ্যতামূলক।

Exit mobile version