Site icon Guwahati Times

SI জোনমণিৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ পূৰ্বে ১৪৮গৰাকী কনিষ্টবলৰ ৰদবদল

 

নিউজ ব্যুৰ’,নগাঁও,১৮মে’:–নগাঁও
চহৰৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যুক লৈ অব্যাহত আছে ৰহস্য । বিভিন্ন দৃষ্টিকোণেৰে মহিলা আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুক বিশ্লেষণ কৰিছে বহুজনে। জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ পূৰ্বে নগাঁও আৰক্ষীত ১৪৮গৰাকী কনিষ্টবল পৰ্যায়ৰ আৰক্ষীৰ ৰদবদল কৰা হৈছে ।
জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগো উত্থাপন কৰিছে পৰিয়ালৰ লগতে একাংশই । এই সমগ্ৰ ঘটনাত সাঙোৰ খাই পৰিছে লখিমপুৰত জোনমণিৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ আৰু আৰক্ষী জিলাখনত নকল সোণৰ বিৰুদ্ধে চলোৱা এক অভিযান। এই সকলো সামৰি এতিয়া তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে।

আজি জেৰা চলোৱা হৈছে হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাকো । SI জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নগাঁও আৰক্ষীত চলিত বৃহৎ ৰদবদল কৰা হৈছে । নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীত কৰ্তব্যৰত হৈ থকা ১৪৮ গৰাকী কনিষ্টবল পৰ্যায়ৰ আৰক্ষীক বদলি কৰা হৈছে আন আৰক্ষী থানালৈ। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশ মৰ্মে সম্পন্ন কৰা হৈছে এই বৃহৎ ৰদবদল ।

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version