Site icon Guwahati Times

৫ বছৰ প্ৰেম আৰু ৪ মাহৰ এংগেজমেণ্টৰ পিছতো কৰিশ্মা-অভিষেকৰ প্ৰেম কাহিনী আধৰুৱা হৈ থাকিল, কিয় ?

চিনেমাত অভিনেতা-অভিনেত্ৰীৰ প্ৰেম কাহিনীবোৰ প্ৰায়ে সম্পূৰ্ণ হৈ উঠে যদিও বাস্তৱ জীৱনত কেতিয়াবা কিছুমান প্ৰেম কাহিনী আধৰুৱা হৈয়েই থাকে। তেনে এক প্ৰেম কাহিনী আছিল অভিষেক বচ্চন আৰু কৰিশ্মা কাপুৰৰ। কৰিশ্মা আৰু অভিষেকে এটা সময়ত ইজনে সিজনক বহুত ভাল পাইছিল। আনকি দুয়োৰে বাগ্দানও সম্পন্ন হৈছিল। বচ্চন পৰিয়ালটোৱে কৰিশ্মাক নিজৰ ঘৰৰ বোৱাৰী কৰি তুলিবলৈ বৰ উৎফুল্লিত হৈ পৰিছিল। তাৰ পিছতো এই দম্পতীৰ প্ৰেম কাহিনীটো আধৰুৱা হৈ থাকিল।

ববিতাৰ পচন্দ নাছিল অভিষেকক-

কৰিশ্মাই অভিষেকৰ প্ৰেমত পৰিলেও মাক ববিতাই অভিষেকক বিশেষ ভাল পোৱা নাছিল। ইয়াৰ পিছতো কৰিশ্মাই তেওঁৰ লগত বাগদান কৰিলে। সেই সময়ছোৱাত কৰিশ্মাই অবিৰতভাৱে হিট ছবি দি আছিল আৰু অভিষেকে বলীউড উদ্যোগটোত নিজৰ স্থান দখল কৰিবলৈ সংগ্ৰাম কৰি আছিল। অভিষেকৰ সফলতাক লৈ কৰিশ্মাৰ মাক প্ৰায়ে চিন্তিত হৈ পৰিছিল। এনে পৰিস্থিতিত মাকৰ ভয়ত অভিষেকৰ লগত নিজৰ এংগেজমেণ্ট বিচ্ছিন্ন কৰিলে নিজে কৰিশ্মাই। ইয়াৰ পিছত বচ্চন আৰু কাপুৰ পৰিয়ালৰ মাজত সংঘাতৰ সৃষ্টি হয়। এইদৰে পাঁচ বছৰৰ প্ৰেম আৰু চাৰি মাহৰ এংগেজমেণ্টৰ অন্তত এই সম্পৰ্কৰ অন্ত পৰিল অতি বেদনাদায়ক।

Exit mobile version