Site icon Guwahati Times

জানুৱাৰী মাহতেই কাজিৰঙাই সংগ্ৰহ কৰিলে এক কোটি ৭৬ লাখ ৫৯ হেজাৰ ৩১৩ টকা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে বিগত বৰ্ষৰ দুই অক্টোবৰৰ পৰা আৰম্ভ হোৱা পৰ্যটন বৰ্ষত জানুৱাৰী মাহলৈকে আগমন ঘটিছে প্ৰায় দুই লাখ ছয় হেজাৰ দেশী-বিদেশী পৰ্যটক ৷ অকল জানুৱাৰী মাহটোতে সৰ্বাধিক পৰ্যটকৰ আগমন হয় ৷ জানুৱাৰী মাহটোত মুঠ পৰ্যটকৰ সংখ্যা আছিল ৭৬,৬১১ জন ৷ ইয়াৰে ভাৰতীয় পৰ্যটকৰ সংখ্যা ৭৪,৭০১জনৰ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা ১৯১০ গৰাকী ৷

এই মাহটোত সংগৃহীত ৰাজহ পৰিমাণ এক কোটি ৭৬ লাখ ৫৯ হেজাৰ ৩১৩ টকা ৷ এই তথ্য সদৰি কৰে উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷ সংবাদ মাধ্যমক প্ৰকাশ কৰা মতে, বিগত অক্টোবৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে পৰ্যটকৰ সংগৃহীত ৰাজহৰ পৰিমাণ ৫ কোটি ১৭ লাখ ৯৪২ টকা ৷ আনহাতে ২০২১-২২ বিত্তীয় পৰ্যটন বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল পাঁচ কোটি ৭৫ লাখ ৷ সঞ্চালক গৰাকীয়ে উল্লেখ কৰা মতে চলিত ফেব্ৰুৱাৰী মাহত পৰ্যটকৰ আগমন কিছু হ্ৰাস পালেই মাৰ্চ মাহত যথেষ্ট বৃদ্ধিৰ আশা কৰিছে ৷ এপ্ৰিল মাহত পৰ্যটকৰ সংখ্যা সাত লাখ অতিক্ৰমৰ সম্ভাৱনা ব্যক্ত কৰিছে সঞ্চালক শৰ্মাই ৷

Exit mobile version