Site icon Guwahati Times

কামৰূপ জিলাৰ নতুন উপায়ুক্ত IAS বিষয়া কীৰ্তি জল্লী…

কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কীৰ্তি জল্লীক।

উল্লেখ্য যে সম্প্ৰতি কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লীয়ে বান-ভূমিস্খলনৰ দুৰ্যােগপূৰ্ণ সময়ৰ মাজতে অহৰহভাৱে বন্যাৰ্তৰ কাষত থিয় দিছিল।

উপায়ুক্তগৰাকীৰ এনে কৰ্তব্যনিষ্ঠাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিছিল।

তেওঁৰ ঠাইত কাছাৰৰ নতুন উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝাক।

উল্লেখ্য যে মংগলবাৰে অসম চৰকাৰে কেইবাখনো জিলাৰ উপায়ুক্তৰ আকস্মিক ৰদ-বদলৰ নিৰ্দেশ জাৰি কৰে।

এক নিৰ্দেশনা অনুসৰি, কাছাৰ, গোৱালপাৰা, হাইলাকান্দি, বৰপেটা আদি কেইবাখনো জিলাৰ উপায়ুক্তক বদলি কৰা হয়।

জানিব পৰা মতে, কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলীক বদলি কৰা হৈছে কামৰূপৰ উপায়ুক্ত হিচাপে।

আনহাতে কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে।

ইয়াৰ উপৰি, বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি নগাঁৱৰ উপায়ুক্ত এইছ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্তৰূপে বদলি কৰা হৈছে।

পি ভি ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

গোৱালপাৰা জিলাৰ উপায়ুক্ত মিনাক্ষী দাস নাথক সাংস্কৃতিক সঞ্চলকালয়ৰ সঞ্চালক পদলৈ বদলি কৰি তেওঁৰ ঠাইত খনীন্দ চৌধুৰীক গোৱালপাৰাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

নগাঁৱৰ উপায়ুক্তৰূপে দায়িত্ব প্ৰদান কৰা হৈছে চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক। বাক্সাৰ উপায়ুক্ত আয়ুষ গাৰ্গক বদলি কৰা হৈছে বৰপেটাৰ উপায়ুক্তৰূপে।

আনহাতে গোসাঁইগাঁৱৰ এডিচি এম এম পাৰ্টিনক বাক্সাৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে।

দক্ষিণ শালমাৰাৰ ADC লখিমী কুটুমক প্ৰদান কৰা হৈছে দক্ষিণ শালমাৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব।

Exit mobile version