Site icon Guwahati Times

বিবাহৰ পিছতে ৭০ কোটি টকীয়া বাংলোলৈ যাব সিদ্ধাৰ্থ-কিয়াৰা

বিবাহপাশত আৱদ্ধ হ’ল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। বলীউডৰ জনপ্ৰিয় যুটী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই আজি জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ মাজত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।হোটেলৰ চোতালত অনুষ্ঠিত হয় বৰ্মালা আৰু ফেৰেৰ অনুষ্ঠান । ইয়াৰ বাবে এখন বিশেষ ‘বাৱদি’ স্থাপন কৰা হৈছিল হোটেলৰ চোতালত । খবৰ অনুসৰি দম্পতীহালে নিজৰ বিশেষ দিনটোৰ বাবে ৰূপালী কাপোৰ পিন্ধিছিল।৬ ফেব্ৰুৱাৰীৰ পৰা মেহেন্দী আৰু সংগীতেৰে আৰম্ভ হৈছিল বিবাহ উৎসৱ। বিয়াৰ দিনা দিনত আৰম্ভ হৈছিল হালদী অনুষ্ঠান আৰু তাৰ পিছত বিয়া। ইয়াৰ মাজতে দুই তাৰকাৰ সৈতে সম্পৰ্কিত এটা বিশেষ খবৰ প্ৰকাশ পাইছে।

সূত্ৰ অনুসৰি, কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই বিবাহৰ পিছত ৭০ কোটি টকীয়া বাংলোলৈ স্থানান্তৰিত হ’ব পাৰে। সিদ্ধাৰ্থ মালহোত্ৰাই জুহুত এটা সাগৰমুখী ঘৰ বিচাৰিছে। সিদ্ধাৰ্থই জুহুৰ এই বাসগৃহটো বান্দ্ৰাৰ ঘৰৰ দৰে ডাঙৰ আৰু সাগৰমুখী হ’ব।

Exit mobile version