ৰাণীত ৩ অপহৰণকাৰীক গ্রেপ্তাৰ

0 min read

মহানগৰীৰ গড়ভঙা বনাঞ্চলৰ পৰা অলপতে দুগৰাকী ব্যৱসায়ীক অপহৰণ কৰা ঘটনাৰ সৈতে জড়িত তিনি অপহৰণকাৰীক গড়চুক আৰক্ষীয়ে আজি ৰাণীৰ পৰা গ্রেপ্তাৰ কৰে৷ ধৃত অপহৰণকাৰীকেইটা ক্রমে পলাশবাৰীৰ কমলা ৰংপী (২৮), ৰাজু ৰংপী (২৬) আৰু আমূল বে’ বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে যোৱা ৩০ জুনত জাপৰিগোগৰ কুশল কলিতা আৰু নুনমাটিৰ জয়ন্ত কছাৰীক গছপুলি ৰোপণ কৰি আহি থকাৰ সময়তে গড়ভঙাৰ পৰা দুর্বৃত্তই অপহৰণ কৰিছিল৷ ঘটনা সন্দর্ভত গড়চুক থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চাৰিজন অপহৰণকাৰীক গ্রেপ্তাৰ কৰি সোধা–পোছা চলাই তেওঁলোকৰ স্বীকাৰোক্তিত ভিত্তিত আৰক্ষীয়ে বুধবাৰে ৰাণীত অভিযান চলায়৷ অভিযানকালত আৰক্ষীয়ে অপহৰণকাৰী তিনিটাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে অপহৰণকাৰীকেইটাই অপহূত ব্যৱসায়ী দুজনৰ পৰিয়ালক ১০ লাখ টকা মুক্তিপণ বিচাৰিছিল৷

You May Also Like

More From Author