Site icon Guwahati Times

স্কুললৈ যোৱা পূর্বে সন্তানক এইবোৰ শিকাইছেনে ? নহ’লে বিপদত পৰিব পাৰে আপোনাৰ শিশুটি

অভিভাৱক সকলৰ কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন, যাতে তেওঁলোকৰ শিশুটিৰ ভৱিস্যৎ জীৱন সমৃন হৈ উঠে। স্কুলীয়া জীৱন যিকনো শিশুৰ বাবে অন্যতম গুৰুত্বপূর্ণ। কিন্তু স্কুল জীৱন যাতে সমৃন হৈ উঠে তাৰ বাবে একাধিক বিসয়ৰ নজৰ দিয়া দৰকাৰ যেনে…

১/ বহু সময়ত দেখা যায় অভিভাৱকসকলে আখৰ আৰু সংখ্যা পঢ়িবলৈ শিকায়। কিন্তু তাৰ লগতে দেহৰ অংগ, ৰং, পশু-পক্ষীৰ নামৰ দৰে কথাবোৰ শিকাব লাগে। তেনেহলে শিশুটিৰ স্মৃতিশক্তি বৃদ্ধি হ’ব।

২/ এটি শিশুৰ বাবে পৰাস্কা পৰিচ্ছনতা খুবেই গুৰুত্বপূর্ণ। স্কুলত ঘৰৰ দৰে পৰিৱেশ পোৱা নাযায়। সেই বাবে কিছুমান সতর্কতা অৱলম্বন কৰিব লাগিব। সংক্রমণ এৰাই চলিবলৈ ব্যক্তিগত ভাৱে হাত ধোৱা আদি শিকোৱাৰ লগতে স্বাস্থ্য ৰক্ষাৰ কথাও শিকাব লাগে।

৩/ ঘৰত আপুনি আপোনাৰ শিশুটিক খাদ্য খুৱাই দিব পাৰে। কিন্তু স্কুলত আপোনাৰ সন্তানে এই সুবিধা নাপায়। সেয়ে স্কুলীয়া জীৱনৰ পূর্বেই আপোনাৰ সন্তানক নিজে খোৱাৰ অভ্যাস গঢ়ি তুলক। লগতে খোৱাৰ আগত হাত ধুবলৈ শিকাওক।

৪। স্কুলীয়া জীৱন আৰাম্ভণিৰ পূর্বে আপোনাৰ শিশুটিত কিছুমান অভ্যাস কৰাব। যেনে আপুনি আপোনাৰ সন্তানৰ লগত কিবা ভুল কৰিছে তেনেহেলে ক্ষমা বিচাৰি Sorry ক’ব পাৰে। বা আপোনাৰ সন্তানক কিবা এটা কাম কৰিবলৈ ক’লে আৰু যেতিয়া আপোনাৰ শিশুটি সেই কাম কৰিব আপুনি যেতিয়া Thank You ক’ব। আপোনাৰ এইটো অভ্যাস দেখি আপোনাৰ সন্তানৰ মাজতো এই অভ্যাস বোৰ গঢ়ি উঠিব।

৫/ আপোনাৰ সন্তানৰ হাতত মোবাইল নিদিব, তাৰ বিপৰিতে বাহিৰত খেলিবলৈ দিয়ক। কাৰণ বাহিৰত খেলা-ধূলা কৰিলে আপোনাৰ সন্তানৰ শৰীৰ সুস্থ আৰু মজবুত থাকিব। সেই বাবে কেতিয়াও আপোনাৰ সন্তানৰ হাতত মোবাইল নিদিব।

Exit mobile version