মুম্বাইত আজি পঞ্জাব কিংছৰ সন্মুখত ৰাজস্থান ৰয়েলছ

0 min read

বিগত বর্ষত দুর্বল প্রদর্শনেৰে অনুৰাগীক হতাশ কৰা ৰাজস্থান ৰয়েলছে আজি চলিত আই পি এলত অভিযান আৰম্ভ কৰিব৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত সঞ্জু ছেমছন নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব পঞ্জাব কিংছ৷

ইংলেণ্ডৰ দুই তাৰকা বেন ষ্ট’কছ আৰু জ’ছ বাটলাৰৰ ওপৰত অধিক নির্ভৰশীল ৰাজস্থানে আজি সঞ্জু ছেমছন, শিৱম ডুবে, ৰিয়ান পৰাগ, ৰাহুল তেৱাতিয়া আৰু শ্রেয়ার্ছ গোপালৰ দৰে উদীয়মান খেলুৱৈৰ পৰা মেচ উইনিং প্রদর্শন আশা কৰিব৷

তৃতীয়বাৰৰ বাবে আই পি এল খেলা অসম সন্তান ৰিয়ানৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে৷ বেগী বলাৰ জোফ্রা আর্চাৰৰ অনুপস্থিতিত ৰাজস্থানৰ বলিং বিভাগৰ নেতৃত্ব দিব দক্ষিণ আফ্রিকাৰ অলৰাউণ্ডাৰ ক্রিছ মৰিছে৷ ইফালে, পঞ্জাব দলত আছে ৰাহুল, মায়ংক আগৰৱাল, ক্রিছ গেইল, ডেৱিড মালান, নিকোলাছ পুৰাণ আৰু শ্বাহৰুখ খানৰ দৰে বিস্ফোৰক বেটছমেন৷

খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You May Also Like

More From Author