Site icon Guwahati Times

এপিএছচিৰ ২০২৪ বৰ্ষৰ ফলাফল ঘোষণাকলৈ লৰা ধেমালি কিয় – কৃষক মুক্তি

স্বচ্ছ-নিকা নিযুক্তিৰ শ্ল’গানক হাতীৰ দেখুৱা দাঁত আখ্যা বিদ্যুৎ শইকীয়াৰ।

 

*গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ* এ পি এছ চি ২০২৪ বৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ এঘণ্টাৰ পাছতে ঘোষিত ফলাফল আসোঁৱাহপূৰ্ণ হোৱা বুলি পুনৰ বাতিল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। এক বিবৃত্তিত শইকীয়াই এনে কাণ্ডত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি অসম চৰকাৰ আৰু এপিএছচিক

প্ৰশ্ন কৰে — “ এসপ্তাহ পূৰ্বে মৌখিক পৰীক্ষা সমাপ্ত হৈছিল ৷ আমি জানো যে প্ৰিলিমছ মেইনছ আৰু তাৰ পাছতে মৌখিক পৰীক্ষা হয় ৷ আগৰ দুয়োটা পৰীক্ষাৰ ফলাফল পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত মৌখিক পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ তিনি দিনৰ পিছতে ফলাফল ৰাজহুৱা কৰা হ’ব ৷ ৰাকেশ পালৰ দিনতে এই সিদ্ধান্ত কৰা হৈছিল ৷ কিন্তু আজি এসপ্তাহলৈকে ৰিজাল্ট ঘোষণা নকৰাটোৱে প্ৰাৰ্থী সকলৰ মাজত সাংঘাতিক সন্দেহৰ বাতাবৰণ সৃষ্টি কৰি আহিছিল ৷ ইয়াৰ মাজতে বিশেষ আসোঁৱাহৰ বিষয়ে উল্লেখ কৰি অনিশ্চাকৃত বা বিসংগতিপূৰ্ণ বিষয়ৰ বাবে এই ৰিজাল্ট ছীটখন বাতিল কৰা বুলি কোৱাটোৱে সাংঘাতিক ধৰনেৰে সন্দেহৰ সৃষ্টি কৰিছে ৷

 

নিশ্চিতভাৱে ইয়াত পূৰ্বৰ যি কেলেংকাৰী আছিল, মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ পছন্দৰ মানুহ পাছ কৰাব নোৱাৰিলে এই ধৰনৰ বিসংগতি দেখুৱাই পুনৰ এটা দুৰ্নীতিত লিপ্ত হৈছিল সেই পৰম্পৰা পুণৰ আৰম্ভ হৈছে নেকি আমি এই প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছো ৷

 

স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুণৰ এই ৰিজাল্ট বিসংগতিপূৰ্ণ বুলি বাতিল কৰাটোৱে চৰকাৰখনৰ স্বচ্ছতা আৰু নিকা বুলি কোৱা নিযুক্তিৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে আৰু আৰু আমি ইয়াৰ এটা তদন্তৰ দাবী জনাইছো ৷ কি ৰহস্য ইয়াত লুকাই আছে আৰু কি দুৰ্নীতিয়ে এ পি এছ চিক চানি ধৰিছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আমি মুখ্যমন্ত্ৰীক দাবী জনাইছো ৷

– বিদ্যুৎ শইকীয়া।

Exit mobile version