Site icon Guwahati Times

কোচ ৰাজবংশী সাহিত্য সভাঃ শক্তি আশ্ৰমত ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস

অসমৰ অন্যতম ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ বৃহৎ তথা মুল সংগঠন কোচৰাজবংশী সাহিত্য সভাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস ২২মে দিনযোৰা কাৰ্য্যসূচীৰে কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমস্থিত সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় গিৰিজাভূষণ ৰায় ভবন প্ৰাংগনত অনুষ্ঠিত হয় । কাৰ্য্যসূচী অনুসৰি আবেলি তিনি বজাত কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড°দ্বিজেন্দ্ৰ নাথ ভকতৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মণে ভাষণ প্ৰসংগত কয় যে কোচৰাজবংশী জনগোষ্ঠীৰ ভাষা, সাহিত্য আৰু কলা-কৃষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কোচ ৰাজবংশী সাহিত্য সভাই যি প্ৰচেষ্টা হাতত লৈছে জনগোষ্ঠীটোৰ সকলো দল-সংগঠনে সেই ক্ষেত্ৰত সহায় কৰিব লাগিব, নহলে এদিন কোচ ৰাজবংশী জনগোষ্ঠীটোৰ অস্তিত্ব নোহোৱাহৈ পৰাটো নিশ্চিত ।

ইয়াৰ উপৰি কে এ চিৰ অধ্যক্ষ গৰাকীয়ে এচাম বিভাজন মুখী নেতাক ৰাজবংশী ভাষাকলৈ সামাজিক মাধ্যমত অযথা তৰ্ক-বিতৰ্ক নকৰি কৰ্মশালা অনুষ্ঠিত কৰি গঠন মুলক আলোচনাৰ মাজেৰে ভাষাৰ সমস্যা দূৰ কৰিবলৈ আহ্বান জনায় । সভাত কে এ চিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মণে কয় আমাৰ পূৰ্ব পুৰুষ সকলে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবে কোচৰাজবংশী জনগোষ্ঠী টোয়ে আনুনিক প্ৰতিযোগিতা মুলক যুগত পিছ পৰি আছে, গতিকে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰি কোচ ৰাজবংশীৰ মাতৃভাষা ৰাজবংশী ভাষাৰ উন্নয়নত মনোনিৱেশ কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনায় । ইয়াৰ উপৰি উক্ত মুকলি সভাত উত্তৰবংগ বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক ড° নিখিলেশ ৰায়, কোকৰাঝাৰ জিলাৰ ডি পি অ’ জাহাংগীৰ হোছেইন কে এ চিৰ কাৰ্য্যকৰী পাৰিষদ ক্ৰমে সুধীৰ চন্দ্ৰ ৰায় , প্ৰদীপ ৰায়, কাৰ্তিক ৰায় আৰু পূৰবী সৰকাৰ, অসম সাহিত্য সভাৰ ধুবুৰী জিলা কমিটিৰ সভাপতি তৰণী কান্ত ৰায়, বি টি চি কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে কোচৰাজবংশী সাহিত্য সভাৰ ওপৰত ভাষণ প্ৰদান কৰে ।

উল্লেখ্য যে উক্ত মুকলি সভাত ৰাজবংশী ভাষাত ৰচিত “বৰণ ডালা” নামৰ স্মৃতি গ্ৰন্থৰ উপৰি ৰাজবংশী ভাষাত ৰচিত আনন্দ চন্দ্ৰ ৰায় “বিশ্বমহাবীৰ চিলাৰায়” কমল ৰায়ৰ “আয়না” আৰু সাধুচৰণ ৰায়ৰ “পাগলা বাবা নিলানন্দ সাধু ” আৰু সাংবাদিক কৃষ্ণ বৰ্মনৰ দেবেৰা বচন সংকলন নামৰ গ্ৰন্থ উন্মোচন কৰা হয় । কাৰ্য্যসূচী মতে ৰাতিপূৱা ৯-০০বজাত কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকতে সাহিত্য সভাৰ পতাকা উত্তোলনৰ পিছত ক্ৰমে ছহিদ বেদীত মাল্যাৰ্পণ, কমতাৰত্ন অম্বিকা চৰণ চৌধুৰী, সাহিত্য ৰত্ন অৰুণ কুমাৰ ৰায় , প্ৰতিষ্ঠাপক সভাপতি কিশোৰীমোহন চৌধুৰী আৰু প্ৰয়াত কাৰ্য্যকৰী সভাপতি কৃষ্ণমোহন অধিকাৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । দিনৰ দহ বজাত সাপটগ্ৰাম মহাবিদ্যালয়ৰ অধ্যাপক ড° কৃষ্ণ কান্ত ৰায়ৰ পৰিচালাত ৰাজবংশী ভাষাত স্বৰচিত কবিতা পাঠ অনুষ্ঠিত হোৱাৰ পিছত ১২ বজাৰ পৰা কোচ ৰাজবংশী মহিলা একাডেমীৰ সভানেত্ৰী ড° লাবণ্য ভকতৰ পৰিচালনাত আৰম্ভ হয় “বৰ্তমান পৰিস্থিতিত ৰাজবংশী ভাষা “শীৰ্ষক আলোচনা চক্ৰ । কোচৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটি, জিলা সমিতি ,শাখা সমিতিৰ সমুহ বিষয় ববীয়া,বিশিষ্ট ব্যাক্তি আৰু বহু সংখ্যক সাহিত্য প্ৰেমী ৰাইজ উপস্থিত থকা সভা খনৰ উদ্যেশ্য ব্যাখ্যা কৰে কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ মৰ্মণে ।

 

Exit mobile version