Site icon Guwahati Times

কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী উপদেষ্টা সমিতিৰ বৈঠক

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও তেলিপাৰাত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী উপদেষ্টা সমিতিৰ বৈঠক খন আজি অনুষ্ঠিত কৰা হয় ৷ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকৰ মুৰব্বী ড° ৰঞ্জিত খাউণ্ডে পৰিচালনা কৰা বিজ্ঞানী উপদেষ্টা সমিতিৰ বৈঠক খনত কেন্দ্ৰটোৰ বিগত বৰ্ষৰ বাৰ্ষিক সম্পদৰ তথ্য, কাৰ্য্যকলাপ সমূহৰ পৰ্যালোচনা আৰু কৃতিত্ব সম্পৰ্কে কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জেষ্ঠ বিজ্ঞানী ড° সুনিল পালে তথ্য সহকাৰে সবিশেষ দাঙি ধৰে ৷ ইয়াৰ লগতে অহা ২০২৪-২৫ বৰ্ষত কৃষি বিজ্ঞান কেন্দ্ৰটোত গ্ৰহণ কৰা কাৰ্যসূচী সমূহৰ খতিয়ানো পালে দাঙি ধৰে ৷ বৈঠক খনত শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকৰ সহযোগী ডিন ড° ৰঞ্জিত শৰ্মা, খানাপাৰা ভেটেৰনাৰী কলেজৰ ADEE ড° এইচ চি ভট্টাচাৰ্যাৰ উপৰে কেইবাগৰাকীও বিভাগীয় বিষয়া আৰু অগ্ৰণী কৃষক উপস্থিতিত “Resource Inventory of Kokrajhar District” শীৰ্ষক এখন পুঠি উন্মোচন কৰা হয় । ইয়াৰোপৰি কৃষি বিজ্ঞান কেন্দ্ৰটোত এটি পৰামৰ্শ কেন্দ্ৰ সহ খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিটৰো শুভ উদ্বোধন কৰা হয় ৷ সংবাদ মাধ্যমৰ আগত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকৰ মুৰব্বী ড° ৰঞ্জিত খাউণ্ডে কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যপন্থাৰ ওপৰত নিজৰ সন্তুষ্টি ব্যাক্ত কৰি কৃষি বিজ্ঞান কেন্দ্ৰটোৱে অহা বছৰৰ বাবে গ্ৰহণ কৰা কাৰ্য্যপ্ৰণালী সমূহ সফল ভাৱে ৰুপায়ন হব বুলি আশা প্ৰকাশ কৰে।

Exit mobile version