Site icon Guwahati Times

কোকৰাঝাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

কোকৰাঝাৰ জিলাৰ গৌৰাং হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা বালাজান তিনালী নিৱাসী স্বৰ্গীয় সঞ্জয় যাদৱ আৰু ৰংজালী বসুমতাৰী যাদৱৰ পুত্ৰ জয় যাদৱ (১৪) ৰহস্যজনকভাৱে বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জয় যাদৱক বিচাৰি বিভিন্ন ঠাইত খা-খবৰ লৈছে যদিও জয় যাদৱৰ কোনো শুংসূত্ৰ পোৱা নাই ।

এই সন্দৰ্ভত বালাজান উপ আৰক্ষী চকীত সন্ধানহীন জয় যাদৱৰ খুড়াক বাবলু যাদৱে দিয়া এজাহাৰত উল্লেখ কৰা মতে ২৬ চেপ্টেম্বৰৰ বিয়লি ৫:১০ মান বজাত নিজ গৃহৰ পৰাই জয় যাদৱ সন্ধানহীন হৈছে। ৫ফুট ৬ ইঞ্চি উচ্চতাৰ , ক’লা বৰণৰ , পিন্ধনত লংপেণ্ট -চাৰ্ট পৰিহিত জয় যাদৱৰ কোনোবাই সন্ধান লাভ কৰিলে নিকটৱৰ্তী থানা বা ৮৪৮৬০৯২৫৪৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ আহ্বান জনাইছে।

Exit mobile version