Site icon Guwahati Times

বাল্য বিবাহৰ বাবে কাৰাগাৰত থকা স্বামীক সাক্ষাতৰ বাবে লাগে উপঢৌকন

ধন আদায় নিদিলে কোকৰাঝাৰ কাৰাগাৰত কাৰাবন্দীক সাক্ষাতৰ অনুমতি প্ৰদান নকৰে কাৰাগাৰত থকা কৰ্মচাৰীয়ে। ৰাজ্যজুৰি বাল্য বিবাহকাৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ চালান দিয়াৰ পিছতেই আজি এগৰাকী যুৱকে কাৰাবন্দীক সাক্ষাতৰ বাবে গৈ ধন আদায় দিবলগীয়া হয়। ধন আদায়ৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাত জিলা উপায়ুক্ত বৰ্ণালী ডেকাই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে। তদুপৰি বিষয়টো ভিজিলেঞ্চক জনোৱা হৈছে বুলি প্ৰকাশ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই কয় যে তদন্তৰ বাবে ইতিমধ্যে অতিৰিক্ত জিলা উপায়ুক্ত আদিউল ইছলাম কোকৰাঝাৰ কাৰাগাৰত উপস্থিত হৈছে। ইপিনে অভিযোগকাৰী ডি চক্ৰবৰ্তীয়ে সদৰr কৰা মতে যাৱতীয় নিয়ম পালন কৰাৰ পিছতো ধন নিদিলে কাৰাবন্দীক সাক্ষাতৰ অনুমতি নিদিয়ে। বাল্য বিবাহৰ গোচৰত অভিযুক্তক সাক্ষাৎ কৰিবলৈ যাৱতীয় নিয়ম পালন কৰাৰ পিছতো উপঢৌকন লোৱাত ক্ষোভ প্ৰকাশ কৰিছে অভিযোগকাৰীয়। ধন আদায় লোৱা বিষয়টোৰ ওপৰত ৰাজ্য চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অভিযোগকাৰী ডি চক্ৰৱৰ্তীয়ে।
Exit mobile version