Site icon Guwahati Times

মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত কলকাতা চহৰ:নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’

দেশৰ ১৯ খন মেট্ৰ’ চহৰৰ ভিতৰত মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত কলকাতা চহৰ।নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্যত প্ৰকাশ পোৱা প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে।

প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি কলকাতা মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত চহৰ।কলকাতাত মহিলাৰ বিৰুদ্ধে চলোৱা যৌন আতিশয্যৰ গোচৰ আটাইতকৈ কম পঞ্জীয়ন হৈছে।

২০১৯ বৰ্ষত কলকাতা চহৰত কোনোধৰণৰ ধৰ্ষণৰ ঘটনাও সংঘটিত হোৱা নাই।উল্লেখযোগ্য যে,লক্ষ্নৌকে ধৰি দিল্লী, বাংগালুৰু, হায়দৰাবাদ,আদি চহৰসমূহ ক্ৰমে মহিলাৰ বাবে অসুৰক্ষিত চহৰ হিচাপে পৰিগণিত হৈছে।

Dainik Janambhumi

Exit mobile version